নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ আয়োজন কৰাৰ আগ্রহী নহয় ক্রিকেট অষ্ট্রেলিয়া

নিয়মীয়া বাৰ্তা,৩০ মেঃ অষ্ট্রেলিয়াত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজনক লৈ এতিয়াও অনিশ্চয়তা আঁতৰা নাই৷ বৃহস্পতিবাৰে হৈ যোৱা আইচিচিৰ বৈঠকতো প্রতিযোগিতাখন আয়োজনৰ সন্দর্ভত কোনো চূড়ান্ত মীমাংসা নহ’ল৷ এই সময়তে ক্রিকেট অষ্ট্রেলিয়াই চলিত বর্ষৰ টি–২০ বিশ্বকাপখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰাৰ বাবে আইচিচিলৈ এখন পত্রও প্রেৰণ কৰা বুলি অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমত সদৰী৷ দেশখনৰ আগশাৰীৰ সংবাদ পত্র ‘দ্য অষ্ট্রেলিয়ান’ৰ সূত্রত সদৰী যে ক্রিকেট অষ্ট্রেলিয়াৰ অধ্যক্ষ আর্ল এডিংছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ ফাইনেন্সিয়েল এণ্ড কর্মাচিয়েল এফিয়ার্ছ কমিটীলৈ এখন পত্র প্রেৰণ কৰিছে৷ উক্ত পত্রখনত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত দেশখনত হ’বলগীয়া টি–২০ বিশ্বকাপ প্রতিযোগিতাখন স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে আগন্তুক টি–২০ বিশ্বকাপ প্রতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক থকাত ক্রিকেট অষ্ট্রেলিয়াৰ অধ্যক্ষগৰাকীয়ে ২০২১ বর্ষৰ টি–২০ বিশ্বকাপখন আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে অহা বর্ষৰ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন ভাৰতত হোৱাৰ কথা৷ অষ্ট্রেলিয়াত মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰা বুলি উল্লেখ কৰি ক্রিকেট অষ্ট্রেলিয়াৰ অধ্যক্ষগৰাকীয়ে আইচিচিলৈ প্রেৰণ কৰা পত্রখনত লগতে এইবুলিও উল্লেখ কৰিছে যে ২০২১ বর্ষত টি–২০ বিশ্বকাপখন অষ্ট্রেলিয়াত আয়োজন হ’লে অধিক লাভদায়ক হ’ব৷ যদি ২০২১ৰ পৰিৱর্তে ২০২২ চনত আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন দেশখনত অনুষ্ঠিত কৰে, তেতিয়াহ’লে তেওঁলোকে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে চলিত বর্ষৰ আইচিচি টি–২০ বিশ্বকাপখন নির্ধাৰিত সময়ত অনুষ্ঠিত কৰাৰ সন্দর্ভত বৃহস্পতিবাৰে আইচিচিৰ বিষয়ববীয়াই টেলি কনফাৰেঞ্চৰ যোগেদি আলোচনাত মিলিত হৈছিল যদিও উক্ত বৈঠকত কোনো ফলপ্রসূ সিদ্ধান্ত নহ’ল আৰু ১০ জুনত এই সন্দর্ভত পুনৰ আলোচনা কৰিব আইচিচিয়ে৷

You might also like