নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টক বিদায় জনাব হার্দিক পাণ্ডিয়াই

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: বিগত তিনি বছৰ ধৰি ভুগি থকা পিঠিৰ আঘাতৰ বাবে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে হার্দিক পাণ্ডিয়াই৷ এদিনীয়া আৰু টি–২০ কেৰিয়াৰ দীঘলীয়া কৰাৰ লক্ষ্যৰে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে টেষ্টক বিদায় জনোৱাৰ চিন্তা–চর্চা কৰিছে বুলি বি চি চি আইৰ এক সূত্রই প্রকাশ কৰিছে৷ ‘যোৱা ২–৩ বছৰ ধৰি হার্দিকে পিঠিৰ আঘাতৰ বাবে দীঘলীয়াকৈ বলিং কৰিব পৰা নাই৷ সেয়ে তেওঁ টেষ্ট ক্রিকেটৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে৷ হার্দিকৰ এই সিদ্ধান্তই তেওঁৰ বগা বলৰ কেৰিয়াৰক দীঘলীয়া কৰাৰ সম্ভাৱনা আছে৷ টেষ্ট দলত হার্দিকৰ অনুপস্থিতি ভাৰতৰ বাবে বৃহৎ ক্ষতি যদিও আমি তেওঁৰ বিকল্প অলৰাউণ্ডাৰৰ সন্ধান কৰিব লাগিব৷’

ব’ৰ্ডৰ সূত্রটোৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷ উল্লেখ্য যে ২০১৭ত শ্রীলংকাৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটা অলৰাউণ্ডাৰগৰাকীয়ে ২০১৮ৰ ইংলেণ্ড ভ্রমণত অন্তিমখন টেষ্ট খেলিছিল৷ তেতিয়াৰে পৰা তেওঁ পিঠিৰ সমস্যাৰ বাবে বলিং কৰিব পৰা নাই আৰু টেষ্ট দলত স্থান হেৰুৱায়৷ ১১খন টেষ্টত তেওঁ এই পর্যন্ত ৫৩২ ৰান সংগ্রহ কৰাৰ লগতে ১৭টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ ব’ডৰ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি হার্দিকে অৱসৰৰ সিদ্ধান্ত ৰাজহুৱা কৰা নাই যদিও বি চি চি আইক আনুষ্ঠানিকভাৱে এই কথা অৱগত কৰাইছে৷

You might also like