নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থুৰ ব্যৱহাৰ নিষিদ্ধৰ পৰামৰ্শঃ কৃত্রিম পদ্ধতিৰে বল ছাইন কৰিব লাগিব খেলুৱৈয়ে

নিয়মীয়া বাৰ্তা, ২০ মেঃ সমগ্র বিশ্বত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনা ভাইৰাছে অনাগত দিনত ক্রিকেটৰ ৰূপ সলনি কৰাটো নিশ্চিত হৈছে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিল, চমুকৈ আই চি চিৰ ক্রিকেট কমিটীৰ এক গুৰুত্বপূর্ণ বৈঠকত ইয়াৰ ইংগিত দেখিবলৈ পোৱা গৈছে৷ ভাৰতৰ একালৰ কিংবদন্তি লেগ স্পীনাৰ অনিল কুম্বলে নেতৃত্বাধীন কমিটীখনে মহামাৰীৰ পিছত পুনৰ আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ বাবে এলানি সতর্কতামূলক দিহা–পৰামর্শ আগবঢ়াইছে৷

 কালি নিশা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত বৈঠকত ক্রিকেট কমিটীয়ে ক’ৰোনাৰ সংক্রমণ নিয়ন্ত্রণ কৰিবলৈ অনাগত দিনত আন্তঃৰাষ্ট্রীয় ক্রিকেটত বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা থুৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পৰামর্শ আগবঢ়াইছে৷ অৱশ্যে ঘামৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্রয়োজন নাই বুলি কমিটীয়ে স্পষ্ট কৰি দিছে৷ কিয়নো ঘামৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিয়পাৰ কোনো সম্ভাৱনা নাই বুলি আই চি চিৰ চিকিৎসা বিশেষজ্ঞই ইতিমধ্যে সদৰী কৰিছে৷

ইফালে, ভ্রমণৰ ক্ষেত্রত থকা প্রতিবন্ধকতাৰ পৰিপ্রেক্ষিতত অনাগত দিনত স্থানীয় আম্পায়াৰ–মেচ ৰেফাৰীৰে মেচ আয়োজনৰ পোষকতা কৰিছে কুম্বলে নেতৃত্বাধীন ক্রিকেট কমিটীখনে৷

You might also like