ধোনীক টি–২০ বিশ্বকাপৰ দলত বিচাৰে শ্রীকান্তে
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আগন্তুক টি–২০ বিশ্বকাপত ভাৰতীয় দলৰ হৈ খেলাটো বিচাৰে প্রাক্তন ক্রিকেটাৰ কৃষ্ণমাছাৰী শ্রীকান্তে৷ ধোনীৰ ভৱিষ্যৎ সন্দর্ভত তেওঁ কয় যে ভাৰতীয় ক্রিকেটলৈ ধোনীৰ অৱদান অতুলনীয়৷ কিন্তু বর্তমানৰ ফর্মৰ ওপৰত ভিত্তি কৰিহে ক্রিকেটত দল গঠন কৰা হয়৷ ধোনীয়ে যিহেতু এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা খেলপথাৰত নমা নাই গতিকে তেওঁক টি–২০ বিশ্বকাপৰ দলত অন্তর্ভুক্ত কৰাটো যথেষ্ট কঠিন সিদ্ধান্ত হ’ব৷ অৱশ্যে এগৰাকী ধোনীভক্ত হিচাপে মই ব্যক্তিগতভাৱে তেওঁক ভাৰতীয় দলত পুনৰ প্রত্যক্ষ কৰিব বিচাৰোঁ৷
উল্লেখ্য যে যোৱা ২৯ মার্চত আই পি এলৰ উদ্বোধনী মেচৰ জৰিয়তে ধোনীয়ে ক্রিকেটলৈ প্রত্যাৱর্তনৰ লক্ষ্য লৈছিল যদিও ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱে আইপিএল স্থগিত ৰখাত তাৰকাগৰাকীৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিছে৷