পাকিস্তানক হৰুৱাই এছিয়ান চেম্পিয়নছ ট্রফী হকীৰ ছেমিত ভাৰত
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি এছিয়ান চেম্পিয়নছ ট্রফী হকী প্রতিযোগিতাৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ঢ়াকাত পূর্ণগতিত চলি থকা ৰাউণ্ড–ৰবীন লীগ প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত উত্তেজনাপূর্ণ মেচখনত ভাৰতে পাকিস্তানক ৩–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়৷ প্রতিযোগিতাখনত অপৰাজেয় ভাৰতে মেচখনৰ ৮ মিনিটত প্রথমটো সফলতা লাভ কৰে৷ হৰমনপ্রীতে প্রথমটো সফলতা প্রদান কৰাৰ পিছত ৪২ মিনিটত আকাশদ্বীপ সিঙে গ’ল স্ক’ৰ কৰি ভাৰতক ২–০ গ’লত অগ্রগতি প্রদান কৰে৷ অৱশ্যে ৪৫ মিনিটত পাকিস্তানৰ জুনাইদ মঞ্জুৰে গ’ল স্ক’ৰ কৰি ব্যৱধান ২–১লৈ হ্রাস কৰে যদিও খেলখন শেষ হ’বলৈ ৭ মিনিট বাকী থকা অৱস্থাত অর্থাৎ ৫৩ মিনিটত হৰমনপ্রীতে ব্যক্তিগতভাৱে দ্বিতীয় গ’ল দি ভাৰতীয় দলটোক ৩–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলটোৰ জয়তো গুৰুত্বপূর্ণ ভূমিকা লয়৷ টকি’ অলিম্পিকত ব্রঞ্জজয়ী ভাৰতীয় দলটোৰ এয়া আছিল ক্রমাগত দ্বিতীয় জয়৷ প্রথমখন মেচত কোৰিয়াৰে ২–২ গ’লত ড্র খেলা ভাৰতে দ্বিতীয়খন মেচত আয়োজক দেশ বাংলাদেশক ৯–০ গ’লত পৰাস্ত কৰে৷ দেওবাৰে হ’বলগীয়া লীগৰ অন্তিমখন মেচত ভাৰতে জাপানৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷