বিশ্বকাপৰ বেট নিলাম কৰি পুঁজি সংগ্রহ ৰাহুলৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত মহামাৰীৰ ৰূপ লোৱাত বিপর্যস্ত হোৱা দৰিদ্রজনৰ ওচৰত থিয় দিছে দেশৰ অধিকাংশ ক্রিকেট তাৰকা ৷ শেহতীয়াকৈ এইক্ষেত্রত আগবাঢ়ি আহিছে টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা লোকেশ ৰাহুল ৷ যোৱা বছৰ ইংলেণ্ডত অনুষ্ঠিত আই চি চি এদিনীয়া বিশ্বকাপত ৰাহুলে ব্যৱহাৰ কৰা বেট, পেড, গ্ল’ভছ, হেলমেট আৰু কেইটামান জার্ছী নিলাম কৰি অভাৱগ্রস্ত শিশুৰ বাবে পুঁজি সংগ্রহ কৰিব৷ টুইটাৰত আজি ক্রিকেটাৰগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷ ‘ভাৰত আর্মীৰ সহযোগত মই মোৰ ক্রিকেট বেট, পেড, গ্ল’ভছ, হেলমেট আৰু কেইটামান জার্ছী নিলামৰ সিদ্ধান্ত লৈছোঁ৷ ভাৰত আর্মীয়ে এই নিলাম সম্পন্ন কৰিব আৰু ইয়াৰ পৰা সংগৃহীত ধনেৰে অভাৱগ্রস্ত শিশুসকলক সহায় কৰা হ’ব৷’ ৰাহুলে এইদৰে কয়৷ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত মানৱ সমাজে দৰিদ্রজনৰ কাষত থিয় হৈ তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা উচিত বুলিও ক্রিকেটাৰগৰাকীয়ে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে বিগত অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড ভ্রমণত চমকপ্রদ বেটিঙেৰে ৰাহুলে ভাৰতীয় দলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ মহেন্দ্র সিং ধোনীৰ অনুপস্থিতি আৰু ঋষভ পণ্টৰ দুর্বল ফর্মৰ সুযোগত তেওঁ শেহতীয়াকৈ ভাৰতীয় এদিনীয়া আৰু টি–২০ দলৰ উইকেটৰক্ষকৰ ভূমিকা পালন কৰিছে ৷