বিশ্বকাপ সন্দর্ভত আগষ্টত চূড়ান্ত সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ অষ্ট্রেলিয়াত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ আয়োজন সন্দর্ভত আগষ্টৰ পূর্বে কোনো সিদ্ধান্ত গ্রহণ নকৰে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে ৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ এক নির্ভৰযোগ্য সূত্রই সোমবাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি আই চি চিয়ে সম্প্রতি পৰিস্থিতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আছে৷ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ অনাগত দুই–তিনি মাহৰ ভিতৰত কিমানখিনি হ্রাস হয়, তাৰ ওপৰত ভিত্তি কৰি আই চি চিয়ে আগষ্টৰ মাজভাগত মেগা ইভেণ্টখনক লৈ চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব৷ ‘এইপর্যন্ত টি–২০ বিশ্বকাপ পূর্ব নির্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ আছে৷ আই চি চি আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে মেগা ইভেণ্টখনৰ বাবে ইতিমধ্যে প্রস্তুতি অব্যাহত ৰাখিছে৷ অৱশ্যে খেলুৱৈ, প্রশিক্ষক, বিষয়ববীয়া আৰু ক্রিকেটানুৰাগীৰ স্বাস্থ্যৰ বিষয়টো প্রাধান্য দি আই চি চিয়ে পৰৱর্তী সিদ্ধান্ত ঘোষণা কৰিব৷’ সূত্রটোৱে এইদৰে কয়৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ অষ্ট্রেলিয়া চৰকাৰে ছমাহৰ বাবে সীমান্ত ছীল কৰি দিয়াত অহা ৩০ ছেপ্ঢেম্বৰপর্যন্ত কোনো বিদেশী নাগৰিকে দেশখনত প্রৱেশ কৰিব নোৱাৰিব৷ অষ্ট্রেলিয়া চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে টি–২০ বিশ্বকাপলৈ অনিশ্চয়তা আহি পৰিছে ৷