নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–পাক দ্বিপাক্ষিক শৃংখলা অসম্ভৱ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ সীমান্তত উত্তেজনা অব্যাহত থকাপর্যন্ত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্রিকেট শৃংখলা অনুষ্ঠিত হোৱা উচিত নহয়৷ এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ চেতন চৌহানে৷ নতুন দিল্লীত তেওঁ আজি কয় যে সাম্প্রতিক পৰিস্থিতিত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা অসম্ভৱ, যিহেতু দুয়োখন দেশৰ মাজত ৰাজনৈতিক সংঘাত তীব্রতৰ হৈ উঠিছে৷ পাকিস্তানত ক্রিকেট খেলাটো ভাৰতৰ বাবে সুৰক্ষিত নহয় বুলি উল্লেখ কৰি চৌহানে লগতে কয় যে যেতিয়ালৈকে পাকিস্তানত সন্ত্রাসবাদী কার্যকলাপ অব্যাহত থাকিব আৰু তেওঁলোকৰ সন্ত্রাসবাদীয়ে ভাৰতত কূটাঘাতৰ প্রয়াস চলাই থাকিব, তেতিয়ালৈকে ভাৰত–পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা খেলাটো উচিত নহয়৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ একালৰ বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙে কালি বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছিল৷ এক অনুষ্ঠানত তেওঁ কৈছিল যে ভাৰত আৰু পাকিস্তানৰ ক্রিকেট অনুৰাগীৰ প্রতি লক্ষ্য ৰাখি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা পুনৰ আৰম্ভ হোৱা উচিত৷ ইফালে, শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা হেৰুওৱা টীম ইণ্ডিয়াৰ প্রদর্শনক লৈ মন্তব্য আগবঢ়াই চেতন চৌহানে কয় যে ৰোহিত শর্মা আৰু শিখৰ ধাৱনৰ দৰে অভিজ্ঞ অ’পেনাৰৰ অনুপস্থিতিত আজিংক্য ৰাহানেক দলত অন্তর্ভুক্ত কৰা উচিত আছিল৷

You might also like