মানসিকভাৱে সবল থকাৰ চেষ্টা চলাই আছে বিৰাট কোহলিয়ে
নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র বিশ্বৰ লগতে ভাৰততো স্তব্ধ হৈ পৰিছে ক্রীড়াক্ষেত্রখন৷ ক’ৰোনাৰ আতংকৰ বাবে দেশত লকডাউন ঘোষণা কৰা হৈছে আৰু দেশখনত ক্রীড়াৰ বাতাৱৰণ পুনৰ ঘূৰি আহিবলৈ কিছু সময়ৰ প্রয়োজন হ’ব৷ লকডাউন অন্ত পৰাৰ পাছত ক্রিকেটাৰৰ লগতে অন্যান্য খেলুৱৈসকলে পৰিস্থিতিৰ সৈতে খাপ খাবলৈ কিছু সময়ৰ প্রয়োজন হ’ব যদিও ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে তেওঁ য’ৰ পৰা ক্রিকেট এৰিছে তাৰ পৰাই পুনৰ ক্রিকেট খেল আৰম্ভ কৰিব খোজে৷ ক’ৰোনা ভাইৰাছৰ আতংক অন্ত পৰাৰ পাছতে ক্রিকেট খেল আৰম্ভ হ’ব আৰু ইয়াৰ বাবে এতিয়াৰ পৰাই মানসিকভাৱে সবল হৈ থকাৰ সকলো প্রচেষ্টা হাতত লৈছে বুলি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷