নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহিদ আফ্রিদী ক’ভিড–১৯ত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল পাকিস্তান ক্রিকেট দলৰ প্রাক্তন বিস্ফোৰক অলৰাউণ্ডাৰ শ্বাহিদ আফ্রিদী৷ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে নিজেই তেওঁ এই ভাইৰাছবিধত আক্রান্ত হোৱা বুলি সদৰী কৰে৷

৪০ বছৰীয়া আফ্রিদীয়ে যোৱা বৃহস্পতিবাৰৰ পৰাই প্রচণ্ড জ্বৰত আক্রান্ত হোৱাৰ লগতে সমগ্র দেহত বিষ অনুভৱ কৰিছিল৷ প্রচণ্ড জ্বৰ আৰু বিষত আক্রান্ত হোৱাৰ পিছত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ক’ৰোনাৰ পৰীক্ষা কৰোৱাৰ বাবে আগবাঢ়ি আহে আৰু তেওঁ এই ৰোগত আক্রান্ত হোৱাটো নিশ্চিত হয়৷

মন কৰিবলগীয়া যে আফ্রিদীৰ পূর্বে দেশখনৰ প্রাক্তন পেচবলাৰ তৌফিক ওমৰ, জাফৰ ছৰফৰাজ আৰু ৰিয়াজ শ্বেইখো ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছিল৷ অৱশ্যে ৫১ বছৰীয়া ৰিয়াজ শ্বেইখ আৰু ৫০ বছৰীয়া জাফৰ ছৰফৰাজৰ ইতিমধ্যে মৃত্যু ঘটে৷

উল্লেখ্য যে পাকিস্তানত ক’ৰোনাৰ সংক্রমণ হোৱাৰ সময়ত ঘোষিত লকডাউনৰ সময়ছোৱাত শ্বাহিদ আফ্রিদীয়ে বিভিন্নজন লোকক সহায়ৰ হাত আগবঢ়াইছিল৷ তেওঁৰ নিজস্ব শ্বাহিদ আফ্রিদী ফাউণ্ডেচনে পাকিস্তানৰ বিভিন্ন স্থানত দুখীয়া লোকৰ মাজত খাদ্যসামগ্রীও বিতৰণ কৰিছিল৷

You might also like