নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাত আই পি এল আয়োজনৰ চিন্তা কৰা নাই বিচিচিআয়ে

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ বাবে সদ্যহতে অনির্দিষ্টকাললৈ স্থগিত ৰখা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এলৰ ত্রয়োদশ সংস্কৰণটো  শ্রীলংকাত আয়োজনৰ ইচ্ছা কৰিছে শ্রীলংকা ক্রিকেট ব’র্ডে ৷ অৱশ্যে শ্রীলংকা ক্রিকেট ব’ডৰ এই প্রস্তাৱ সন্দর্ভত এতিয়াই কোনোধৰণৰ সিদ্ধান্ত নলয় বুলি স্পষ্ট কৰি দিছে বি চি চি আয়ে ৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি বিশ্বৰ ক্রীড়াক্ষেত্র স্থবিৰ হৈ পৰিছে৷ এনে অৱস্থাত আই পি এলৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰাৰ চিন্তা–চর্চা কৰা নাই বুলি উল্লেখ কৰে বি চি চি আইৰ এগৰাকী শীর্ষ বিষয়ববীয়াই৷ আই পি এলখন আয়োজনক লৈ আত্মবিশ্বাসী হৈ থকা বি চি চি আইৰ শীর্ষ বিষয়াগৰাকীয়ে কয় যে এই ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন শ্রীলংকাত আয়োজন কৰাৰ ইচ্ছা সন্দর্ভত শ্রীলংকা ক্রিকেট ব’ডৰ তৰফৰ পৰা এতিয়ালৈকে কোনোধৰণৰ প্রস্তাৱ ব’র্ডে লাভ কৰা নাই৷ বর্তমান পৰিস্থিতিত আই পি এলখন আয়োজনৰ কোনো কথাও ভবা নাই৷ ভাৰতত ক্রমান্বয়ে ক’ৰোনাত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত আই পি এলখন পুনৰ অনির্দিষ্টকাললৈ স্থগিত ৰাখিবলগীয়া হয় বুলি উল্লেখ কৰি বি চি চি আইৰ শীর্ষ বিষয়াগৰাকীয়ে সংবাদ প্রতিষ্ঠান পি টি আইৰ আগত কয় যে বর্তমান ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র বিশ্বৰে ক্রীড়াক্ষেত্র স্থবিৰ হৈ পৰিছে৷ ভাৰতবর্ষৰ লগতে অন্য দেশতো লকডাউন ঘোষণা কৰা হৈছে৷ গতিকে এই সময়ত বি চি চি আয়ে আই পি এলখনৰ সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰে৷ ইফালে, ৩–৪ মাহ পিছত দেশখন ক’ৰোনামুক্ত হ’ব বুলি আশা ব্যক্ত কৰি বি চি চি আইৰ বিষয়াগৰাকীয়ে যদি ভবা ধৰণে হয়, তেতিয়াহ’লে ব’ডৰ এই ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন ছেপ্ঢেম্বৰ–ক্টোবৰ অথবা অক্টোবৰ–নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ এক ক্ষীণ আশা আছে৷ যদি উক্ত সময়ত আয়োজন কৰিব নোৱাৰোঁ, তেতিয়াহ’লে চলিত বর্ষৰ আই পি এলখন বাতিল হোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি ব’ডৰ বিষয়াগৰাকীয়ে লগতে কয় ৷

You might also like