নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱস কাপ ফুটবলঃ চতুর্থবাৰলৈ খিতাপ দখল বিদ্যুৎ পৰিষদৰ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: চতুর্থবাৰলৈ সর্বভাৰতীয় স্বাধীনতা দিৱস কাপ ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ সন্মান অর্জন কৰিলে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে৷ নগাঁও ক্রীড়া সংস্থাৰ উদ্যোগত স্থানীয় নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ ৭৩ সংস্কৰণৰ আজি নৈশালোকত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে কেৰালা ইউনাইটেড ফুটবল ক্লাবক টাইব্রেকাৰৰ সহায়ত সামগ্রিকভাৱে ৪–৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰে৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখন নির্ধাৰিত সময়ত ১–১ গ’লত অমীমাংসিত হোৱাত অতিৰিক্ত সময় খেলোৱা হয় যদিও দুয়োটা দলে গ’ল স্ক’ৰ কৰাত ব্যর্থ হোৱাত মেচখনৰ ফলাফল নির্ণয়ৰ বাবে টাইব্রেকাৰৰ সহায় লোৱা হয়৷

মন কৰিবলগীয়া যে নির্ধাৰিত সময়ৰ ৪২ মিনিটত বিদ্যুৎ পৰিষদৰ দ্বিপেন দৈমাৰীয়ে দিয়া গ’লটো ৮১ মিনিটত কেৰালা দলৰ বিষ্ণুৱে পৰিশোধ কৰে৷ আজিৰ ফাইনেল মেচখন উদ্বোধন কৰে প্রবীণ আইনজ্ঞ দেৱব্রত শর্মাই৷ প্রতিযোগিতাখনত চেম্পিয়ন দলৰ গ’লৰক্ষক ডাউগা ব্রহ্মই শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে বিদ্যুৎ পৰিষদৰ দ্বিপেন দৈমাৰী আৰু ধবেশ দৈমাৰীয়ে সর্বোচ্চ গ’লদাতাৰ বঁটা, শ্রেষ্ঠ স্কীমাৰ কেৰালাৰ গণেশন আৰু শৃখলাবদ্ধ দলৰ বঁটা লাভ কৰে বঙাইগাঁৱৰ ইলেভেনষ্টাৰ ক্লাবে৷ প্রতিযোগিতাৰ অন্তত ট্রফীসহ প্রাইজমানী বিতৰণ কৰে দেৱব্রত শর্মা, ক্রীড়া সংগঠক অৰুণজ্যোতি মৰাণ প্রমুখ্য ব্যক্তিসকলে৷ উল্লেখ্য যে ইয়াৰ পূর্বে বিদ্যুৎ পৰিষদে ১৯৮৬, ১৯৯৫ আৰু ২০১৫ চনত প্রতিযোগিতাখনত চেম্পিয়ন আৰু ২০০১, ২০১৬ চনত ৰানার্ছআপ হয়৷

You might also like