স্বাস্থ্যক লৈ সজাগ হোৱাৰ আহ্বান মেছিৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিশ্বৰ ক্রীড়া ক্ষেত্রক স্তব্ধ কৰি তোলা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ আমি সকলোৱে সজাগ আৰু সচেষ্ট হোৱা উচিত৷ সমগ্র বিশ্বৰ বাবে এয়া এক জটিল ক্ষণ৷ ভাইৰাছৰ আতংকৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সকলোৱে ঘৰত আবদ্ধ হৈ থাকি স্বাস্থ্যৰ ক্ষেত্রত সজাগতা অৱলম্বন কৰাটো এতিয়া সময়ৰ আহ্বান৷ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে ত্রাসৰ সৃষ্টি কৰাৰ সময়তে অনুৰাগীক এই আহ্বান জনাইছে আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লি’নেল মেছিয়ে৷ ‘স্বাস্থ্য ৰক্ষা আমাৰ সকলোৰে প্রধান আৰু প্রথম কর্তব্য হোৱা উচিত৷ এয়া আমাৰ বাবে এক জটিল ক্ষণ আৰু এই ক্ষণত আমি সকলোৱে স্বাস্থ্য সংস্থাসমূহৰ পৰামর্শ অনুসৰণ কৰা উচিত৷ এয়া হ’ল দায়বদ্ধ হোৱাৰ সময় আৰু ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকি পৰিয়ালৰ সৈতে সময় কটোৱাৰ উৎকৃষ্ট সুযোগ৷’ মেছিয়ে এইদৰে কয়৷
উল্লেখ্য যে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফুটবল প্রতিযোগিতাৰ লগতে শেহতীয়াকৈ স্পেনিছ ফুটবল লীগ আৰু লা লিগা সাময়িকভাৱে বাতিল হোৱাত বার্চিলোনাৰ ছুপাৰষ্টাৰগৰাকীয়ে সম্প্রতি নিজ গৃহত পৰিয়ালৰ সৈতে সময় পাৰ কৰিছে৷