নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৰণীয় মুহূৰ্তৰ আৰ্কাইভ মুকলি আইচিচিৰ

লকডাউনঃ ক্ৰিকেট অনুৰাগীৰ বিৰক্তি দূৰ কৰাৰ প্ৰয়াস

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ণ্ত্ৰণ কৰিবলৈ বিশ্বৰ অধিকাংশ দেশ এতিয়া লকডাউনৰ কবলত। এনে এক জটিল ক্ষণত সমগ্ৰ বিশ্বৰ ক্ৰীয়াক্ষেত্ৰ খনো স্তব্ধ হৈ পৰিছে। সকলো ধৰণৰ ক্ৰীড়াৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ হৈ থকাৰ এই অনাকাংক্ষিত সময়ত আই চি চিয়ে ক্ৰিকেট অনুৰাগীৰ বিৰক্তি দূৰ কৰিবলৈ কিছু স্মৰণীয় মুহূৰ্তৰ আৰ্কাইভ মুকলি কৰিছে। ইয়াৰ ভিতৰত ভাৰতৰ বিশ্বকাপ জয়ৰ ঐতিহাসিক মুহূৰ্তও সন্নিৱিষ্ট কৰা হৈছে। ক্ৰীড়া উদ্যোগত সম্প্ৰতি আমি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছো। সকলো ধৰণৰ ক্ৰীড়া ইভেণ্ট স্তব্ধ হৈ পৰাত অনুৰাগীসকল ঘৰৰ ভিতৰত বিৰক্ত হোৱা দেখা গৈছে। সমগ্ৰ ক্ৰিকেট অনুৰাগীসকলৰ ঘৰৰ ভিতৰত বিৰক্ত হোৱা দেখা গৈছে। সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীক এই বিৰক্তিৰ পৰা মুক্তি দিবলৈ আমি কিছু স্মৰণীয় মুহূৰ্তক লৈ আৰ্কাইভ মুকলি কৰিছোঁ। টেলিভিছনৰ লগতে ছ’চিয়েল মিডিয়া আৰু মবাইল এপত অনুৰাগীয়ে এয়া উপভোগ কৰিব পাৰিব।
আইচিচিয়ে এই দৰে কয়।

You might also like