১০ অলিম্পিয়ান হকী তাৰকাৰ নামত পঞ্জাবৰ দহখন চৰকাৰী স্কুল
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: সদ্যসমাপ্ত টকিঅ’ অলিম্পিকৰ হকীত ব্রঞ্জৰ পদক জয় কৰা ভাৰতীয় পুৰুষ হকী দলটোক সম্বর্ধনা জনোৱাৰ কার্যসূচী অব্যাহত আছে৷ দেশৰ বিভিন্ন ৰাজ্য চৰকাৰৰ লগতে সংস্থাসমূহে খেলুৱৈসকলক বিভিন্ন ধৰণে পুৰস্কৃত কৰি আহিছে৷ ইয়াৰ ব্যতিক্রম নহয় পঞ্জাব চৰকাৰো৷
অৱশ্যে পঞ্জাব চৰকাৰে হকী দলটোৰ খেলুৱৈসকলক সন্মানিত কৰাৰ এক ভিন্ন পন্থা হাতত লৈছে৷ ৰাজ্যখনৰ শিক্ষামন্ত্রী বিজয় ইন্দৰ সিংলাই কয় যে পঞ্জাব চৰকাৰে দহখন চৰকাৰী স্কুলৰ নাম সলনি কৰি অলিম্পিকত ভাগ লোৱা খেলুৱৈসকলৰ নামেৰে নামাংকিত কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী অৰবিন্দৰ সিঙে ৰাষ্ট্রীয় হকী দলটোৰ হৈ অলিম্পিকত অংশগ্রহণ কৰা পঞ্জাবৰ দহগৰাকী খেলুৱৈৰ নামত দহখন চৰকাৰী স্কুল নামকৰণ কৰাৰ মঞ্জুৰী দিয়া বুলি শিক্ষামন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷
এতিয়াৰে পৰা জলন্ধৰৰ মিঠাপুৰত থকা চৰকাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন অলিম্পিয়ান মনপ্রীত সিং চৰকাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামেৰে জনা যাব৷ আনহাতে, অমৃতসৰৰ টিমোৱালৰ চৰকাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন অলিম্পিয়ান হৰমনপ্রীত সিং জি এছ এছ এছ নামেৰে জনা যাব৷ একেদৰে জলন্ধৰৰ মিঠাপুৰৰ চৰকাৰী প্রাইমাৰী স্কুলখন অলিম্পিয়ান মনপ্রীত সিং, অমৃতসৰৰ আটাৰিৰ জি এছ এছ স্কুলখন অলিম্পিয়ান ছমছেৰ সিং জি এছ এছ এছ, ফৰিদকোটত থকা চৰকাৰী মজলীয়া বিদ্যালয়খন (বেছিক ছোৱালী) অলিম্পিয়ান ৰূপিন্দৰ পল সিং চৰকাৰী মজলীয়া বিদ্যালয়, জলন্ধৰৰ খুছৰ’পুৰত থকা চৰকাৰী মজলীয়া বিদ্যালয়খন অলিম্পিয়ান হার্ডিক সিং, অমৃতসৰৰ খালাইহাৰাত থকা চৰকাৰী প্রাইমাৰী স্কুলখন অলিম্পিয়ান গুৰজন্ত সিং, গুৰদাসপুৰৰ ছাহাল কালানত থকা চৰকাৰী হাইস্কুলখন অলিম্পিয়ান চিমৰনজিৎ সিং চৰকাৰী হাইস্কুল ৰূপে এতিয়াৰে পৰা জনাজাত হ’ব৷