৫০ লাখৰ অনুদান আগবঢ়ালে শচীন তেণ্ডুলকাৰে
নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা মৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। এই যুঁজক সন্মুখৰ পৰা নেতৃত্ব দি একালৰ মহান খেলুৱৈ গৰাকীয়ে ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এই যুঁজক অধিক গতিশীল কৰিবলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়াইছে। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেণ্ডুলকাৰে প্ৰধানমন্ত্ৰী সাহায্য পুঁজি আৰু মুখ্যমন্ত্ৰী পুঁজিলৈ ২৫ লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। তেণ্ডুলকাৰে বিভিন্ন সময়ছোৱাত বিভিন্ন সামাজিক কৰ্মৰাজিৰ সৈতে জড়িত হৈ মানৱ সেৱাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি আহিছে।