ৰোহিত শর্মাক ১২ লাখ টকাৰ জৰিমনা
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণৰ প্রথমখন মেচতে জৰিমনাৰ সন্মুখীন হ’ল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা৷ দেওবাৰে দিল্লী কেপিটেলছৰ বিপক্ষে মুম্বাইৰ ব্রেবর্ন ষ্টেডিয়ামত খেলা আই পি এলৰ মেচখনত লেহেমীয়া গতিত বলিং কৰাৰ অপৰাধত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক ১২ লাখ টকাৰ জৰিমনা বিহা হয়৷ মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত সময়ত ১.৪ অ’ভাৰ বল কম কৰিছিল৷
উল্লেখ্য যে চলিত আই পি এলত জৰিমনাৰ সন্মুখীন হোৱা ৰোহিত শর্মাই হ’ল প্রথমগৰাকী অধিনায়ক৷ উল্লেখ্য যে যোৱানিশাৰ মেচখনত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ হাতত পৰাজয়ৰ সন্মুখীন হয়৷ ইফালে, ক্রমাগত দশম বছৰৰ বাবে মুম্বাই ইণ্ডিয়ানছ আই পি এলৰ নিজৰ প্রথমখন মেচত পৰাস্ত হয়৷