ৰোহিত শর্মা আৰু মোৰ মাজত কোনোধৰণৰ মতানৈক্য নাইঃ বিৰাট কোহলি
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ভাৰতীয় এদিনীয়া ক্রিকেট দলটোৰ নৱনিযুক্ত অধিনায়ক ৰোহিত শর্মাৰ সৈতে মোৰ কোনো ধৰণৰ মতানৈক্য নাই৷ টেষ্ট শৃংখলাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে দক্ষিণ আফ্রিকালৈ ৰাওনা হোৱাৰ পূর্বে আজি আয়োজিত এখন ভার্চুৱেল সংবাদ মেলত এই মন্তব্য কৰে ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷ শেহতীয়াভাৱে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ মাজত নেতৃত্বকেন্দ্রিক বিবাদ চলা বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পোৱাৰ পিছত বিৰাট কোহলিয়ে স্পষ্ট কৰে যে ৰোহিত শর্মাৰ সৈতে তেওঁৰ কোনো ধৰণৰ মতভেদ নাই৷
বিগত আঢ়ৈ বছৰ ধৰি মই সাংবাদিকৰ এই প্রশ্ণত ব্যতিব্যস্ত হৈ পৰিছোঁ৷ তেতিয়াও আৰু আজিও কওঁ যে ৰোহিতৰ সৈতে মোৰ কোনোধৰণৰ বিবাদ চলি অহা নাই৷ যেতিয়ালৈকে জাতীয় দলটোৰ হৈ খেলি যাম, তেতিয়ালৈকে মই দলটোৰ মানদণ্ডত আঘাত হনা কার্যৰ পৰা বিৰত থাকিম৷ উল্লেখ্য যে ২০১৯ চনৰ পৰাই ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ মাজত মতানৈক্য ঘটা বুলি সংবাদ–পত্রত বাতৰি প্রকাশ পাই আহিছে৷ শেহতীয়াভাৱে বিৰাট কোহলিক আঁতৰাই ৰোহিত শর্মাক এদিনীয়া দলটোৰ নেতৃত্ব অর্পণ কৰাৰ পিছতে কোহলি আৰু ৰোহিতৰ মাজত চলি অহা মতভেদৰ কথাটো পুনৰ চর্চাৰ বিষয় হৈ পৰিছে৷
উল্লেখ্য যে অহা ২৬ ডিচেম্বৰৰ পৰা ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ বিপক্ষে আৰম্ভ হ’বলগীয়া তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত অংশ লোৱাৰ উদ্দেশ্যে বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় দলটোৱে কাইলৈ দক্ষিণ আফ্রিকা অভিমুখে ৰাওনা হ’ব৷