নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ইংলেণ্ড ভ্রমণৰ পূর্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ দেশখনৰ ১০গৰাকীকৈ ক্রিকেটাৰৰ শৰীৰত মহামাৰী ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ পাক ক্রিকেট ব’র্ডে কালি ঘোষণা কৰা অনুসৰি, ইংলেণ্ড ভ্রমণৰ বাবে সাজু হোৱা মহম্মদ হাফিজ, ৱাহাব ৰিয়াজ, মহম্মদ হাছনাইন, কাচিফ ভাটি, ফকৰ জামান, মহম্মদ ৰিজ’ৱান, ইমৰান খান, ছাদাব খান, হৰিশ ৰৌফ আৰু হাইদৰ আলী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷
ৰাৱালপিণ্ডিত দেওবাৰে সম্পন্ন হোৱা ক’ভিড টেষ্টত ছাদাব খান, হৰিশ ৰৌফ আৰু হাইদৰ আলীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল৷ ইয়াৰ পিছত বাকীকেইগৰাকী ক্রিকেটাৰৰ ক’ভিড টেষ্ট আজি পজিটিভ পোৱা গৈছে৷ সম্প্রতি আটাইকেইগৰাকী ক্রিকেটাৰক চিকিৎসকৰ পৰামর্শ অনুসৰি আইছ’লেচনত ৰখা হৈছে৷ উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে অহা মাহত খেলিবলগীয়া তিনিখন টেষ্টৰ বাবে পাকিস্তান দলটো অহা দেওবাৰে লণ্ডনলৈ ৰাওনা হোৱাৰ কথা আছিল৷
ইংলেণ্ডলৈ উৰা মৰাৰ পূর্বে পাকিস্তানৰ ২৯জনীয়া দলটোৰ খেলুৱৈসকলৰ দুবাৰকৈ ক’ৰোনা টেষ্ট সম্পন্ন কৰা হ’ব৷ ইংলেণ্ডৰ মাটিত ভৰি দিয়াৰ পিছতো তেওঁলোকৰ শৰীৰ পৰীক্ষা কৰা হ’ব আৰু ইয়াৰ পিছত ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হ’ব৷ কোৱাৰেণ্টাইন সম্পূর্ণ হোৱাৰ পিছতহে খেলুৱৈসকল অনুশীলনত নামিব পাৰিব৷ ইংলেণ্ড ভ্রমণত পাকিস্তানে তিনিখন টেষ্টৰ লগতে তিনিখন টি–২০ মেচো খেলিব৷