২০২১ চনৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগত বৃদ্ধি পাব দলৰ সংখ্যা!
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে ডুবাইত সফলতাৰে সামৰণি পৰা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত অংশগ্রহণকাৰী দলৰ সংখ্যা বৃদ্ধি কৰাৰ চিন্তা–চর্চা কৰিছে বি চি চি আয়ে৷ আই পি এলৰ চর্তুদশ সংস্কৰণটোত আঠটা দলৰ সলনি ৯টা দলে অংশগ্রহণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আগন্তুক বর্ষৰ আই পি এলত বি চি চি আয়ে এটা নতুন দল অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰি থকা বুলি সংবাদ প্রতিষ্ঠানৰ এক সূত্রত আজি সদৰী৷ আই পি এলত নতুন দল হিচাপে গুজৰাট অন্তর্ভুক্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে এই সন্দর্ভত বি চি চি আয়ে নতুন দলটোৰ নাম প্রকাশ কৰা নাই৷ ২০২১ চনত আই পি এলখনৰ খেলুৱৈৰ নিলাম ডিচেম্বৰত হোৱাৰ কথা আছিল যদিও ক’ৰোনাৰ আতংকৰ বাবে অহা বর্ষৰ প্রথম ভাগতহে খেলুৱৈৰ নিলাম প্রক্রিয়াটো অনুষ্ঠিত হ’ব৷ ইপিনে, ডুবাইত আই পি এলৰ সফল সমাপ্তিৰ বাবে ফ্রেনচাইজীকেইটাৰ খেলুৱৈসকলক ধন্যবাদ জনাইছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ ক’ৰোনাৰ আতংকৰ বাবে প্রতিযোগিতাখন আয়োজন কৰাত অনিশ্চয়তা আহি পৰিছিল যদিও জৈৱ পৰিৱেশৰ মাজত খেলুৱৈসকলে নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰাখি প্রতিযোগিতাখনৰ সফল সমাপ্তিত বিশেষ অৰিহণা আগবঢ়ায়৷