নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় স্থান অক্ষুণ্ণ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া আই চি চি ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিছে টীম ইণ্ডিয়াই৷ মেলব’ন টেষ্টত দুর্দান্ত জয়েৰে দলটোৱে আই চি চি টেষ্ট ৰেংকিঙৰ দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখি ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশৰ সম্ভাৱনা জীয়াই ৰাখিছে৷ আই চি চিয়ে আজি প্রকাশ কৰা নতুন পইণ্ট তালিকা অনুসৰি অষ্ট্রেলিয়াই প্রথম, ভাৰতে দ্বিতীয় আৰু নিউজিলেণ্ডে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ বক্সিং ডে’ টেষ্টত অষ্ট্রেলিয়াক পৰাস্ত কৰাৰ সুবাদত আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৱে মূল্যৱান ৩০ পইণ্ট অর্জন কৰিছে৷ দলটোৱে সম্প্রতি ৩৯০ পইণ্ট আৰু ৭২.২ পাৰচেণ্টেজ অৱ পইণ্টছ (পি চি টি)ৰ সৈতে দ্বিতীয় স্থানত আছে৷ মেলব’নত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’লেও অষ্ট্রেলিয়াই ৭৬.৬ পি চি টিৰ সৈতে শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে৷ ইফালে, নিউজিলেণ্ডে আজি প্রথম টেষ্টত পাকিস্তানক ১০১ ৰানত পৰাস্ত কৰাৰ সুবাদত তৃতীয় স্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে আই চি চিয়ে দুবছৰ পূর্বে আৰম্ভ কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নিয়ম অনুসৰি লীগ পর্যায়ৰ শীর্ষস্থানপ্রাপ্ত দুটা দলে ২০২১ত ফাইনেল খেলাৰ সুযোগ পাব৷

You might also like