কৃষি বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি এচিএৰ
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ৰাজ্যৰ উদীয়মান ক্রিকেটাৰসকলৰ প্রতিভা বিকাশৰ বাবে উন্নত ক্রিকেট আন্তঃগাঁথনি নির্মাণ কৰাৰ লক্ষ্যৰে অসম ক্রিকেট সন্থাই অভিলাষী আঁচনি হাতত লৈছে৷ এই আঁচনিৰ অংশস্বৰূপে অসম ক্রিকেট সন্থাই যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ এই চুক্তি অনুসৰি অসম ক্রিকেট সন্থাই ভৱিষ্যতলৈ বি চি চি আই আৰু এ চি এৰ স্বীকৃতিপ্রাপ্ত প্রতিযোগিতা আয়োজন কৰিবলৈ বিশ্ববিদ্যালয় প্রাংগণত এখন অত্যাধুনিক ক্রিকেট গ্রাউণ্ড নির্মাণ কৰিব৷ বিশ্ববিদ্যালয়খনত নির্মাণ হ’বলগীয়া এই আন্তঃগাঁথনিৰ সহায়ত অসম ক্রিকেট সন্থাই বিভিন্ন প্রশিক্ষণ শিবিৰ আয়োজনৰো লক্ষ্য লৈছে৷
চুক্তি অনুসৰি অসম কৃষি বিশ্ববিদ্যালয়ে প্রাৰম্ভিক পর্যায়ত ৫ বছৰৰ বাবে অসম ক্রিকেট সন্থাক বিশ্ববিদ্যালয়ৰ গ্রাউণ্ড ব্যৱহাৰৰ অনুমতি দিব৷ এ চি এৰ সভাপতি ৰমেন দত্ত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য বিদ্যুৎ চন্দন ডেকাই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷