অলৰাউণ্ডাৰক অধিক গুৰুত্ব ফ্রেনছাইজীৰ; আই পি এলৰ নিলামত ২৮গৰাকীৰ নামত খৰচ কৰিলে ৯৭.৭ কোটি টকা
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণটোৰ বাবে চেন্নাইত বৃহস্পতিবাৰে হৈ যোৱা মিনি নিলামত ফ্রেনছাইজীসমূহৰ দৃষ্টি নিবদ্ধ আছিল অলৰাউণ্ডাৰৰ ওপৰত৷ আই পি এলখনত ভাগ ল’বলগীয়া আঠোটা ফ্রেনছাইজীয়ে এইবাৰ অলৰাউণ্ডাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ মিনি নিলামত ৫৭গৰাকী খেলুৱৈ বিক্রী হয় যদিও ইয়াৰে ২৮গৰাকীয়েই হ’ল অলৰাউণ্ডাৰ৷
৫৭গৰাকী খেলুৱৈক ক্রয় কৰাৰ বাবদ ফ্রেনছাইজীসমূহে মুঠ ১৪৫.৩ কোটি টকা খৰচ কৰে৷ এই ধনৰ ৬৭ শতাংশ অলৰাউণ্ডাৰৰ নামত খৰচ হয়৷ অর্থাৎ ২৮গৰাকী অলৰাউণ্ডাৰ ক্রয় কৰাৰ বাবে ফ্রেনছাইজীকেইটাই ব্যয় কৰে ৯৭.৭ কোটি টকা৷ নিলামত দক্ষিণ আফ্রিকাৰ ক্রিছ মৰিছ আৰু অষ্ট্রেলিয়াৰ গ্লেন মেক্সৱেলৰ ওপৰত ফ্রেনছাইজীয়ে অধিক ধন ব্যয় কৰে৷
অৱশ্যে নিলামত মুম্বাই ইণ্ডিয়ানছে অলৰাউণ্ডাৰ ক্রয় কৰাত বিশেষ গুৰুত্ব নিদিলে৷ কিয়নো, কিৰণ পোলার্ড আৰু পাণ্ডিয়া ভাতৃদ্বয়ৰ দৰে ফিনিশ্বাৰ ইতিমধ্যে দলটোত আছে৷ মুম্বায়ে অলৰাউণ্ডাৰতকৈ বেটছমেন আৰু বলাৰ ক্রয় কৰাত বিশেষ গুৰুত্ব প্রদান কৰে৷
মন কৰিবলগীয়া যে সদ্য সমাপ্ত নিলামত দক্ষিণ আফ্রিকাৰ অলৰাউণ্ডাৰ ক্রিছ মৰিছে সর্বাধিক ধন লাভ কৰে৷ ৭৫ লাখ টকা বেছ প্রাইজৰ মৰিছক অভিলেখসংখ্যক ১৬.২৫ কোটি টকাত ক্রয় কৰে ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ ইতিহাসত মৰিছেই হ’ল সর্বাধিক ধন লাভ কৰা খেলুৱৈ৷
ইফালে, অলৰাউণ্ডাৰৰ তালিকাত সর্বাধিক ধন লাভ কৰা ভাৰতীয় খেলুৱৈ দুগৰাকী হ’ল কৃষ্ণাপ্পা গৌতম আৰু শ্বাহৰুখ খান৷ কৃষ্ণাপ্পাক ৯.২৫ কোটিত চেন্নাই ছুপাৰ কিংছে আৰু শ্বাহৰুখ খানক ৫.২৫ কোটি টকাত পঞ্জাব কিংছে ক্রয় কৰে৷