ভাৰতক ৰুধিবলৈ পৃথক ৰণনীতি অষ্ট্রেলিয়াৰ
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ ইটোৰ পিছত সিটো আঘাতে অষ্ট্রেলিয়ান শিবিৰক জর্জৰিত কৰিলেও ভাৰতক ৰুধিবলৈ আত্মবিশ্বাসেৰে সাজু হৈছে কেংগেৰু বাহিনী৷ অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিখন মেচৰ টেষ্ট শৃংখলাত আলহী দলটোক ৰোধ কৰিবলৈ পৃথক ৰণনীতি তৈয়াৰ কৰিছে অষ্ট্রেলিয়াই৷ প্রত্যাহ্বানজনক টেষ্ট শৃংখলালৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ তাৰকা অফ স্পীনাৰ নাথান লিয়নে৷
অষ্ট্রেলিয়াৰ হৈ ৯৬খন টেষ্ট খেলা অভিজ্ঞ অফ স্পীনাৰগৰাকীয়ে আজি এক ভার্চুৱেল সংবাদ মেলত কয় যে বিগত ভ্রমণত ভাৰতে অষ্ট্রেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিছিল৷ সেই শৃংখলাৰ পৰা আমি যথেষ্ট কথা শিকিব পাৰিছিলোঁ৷ এইবাৰ আমি পৃথক ৰণনীতিৰে ভাৰতক ৰুধিবলৈ সাজু হৈছোঁ৷ ২০১৮–১৯ বর্ষৰ তুলনাত এইবাৰৰ অষ্ট্রেলিয়া দলটো যথেষ্ট শক্তিশালী বুলিও লিয়নে উল্লেখ কৰে৷ ‘টেষ্ট শৃংখলাৰ বাবে আমাৰ প্রতিগৰাকী খেলুৱৈয়ে সুকীয়া ৰণনীতিৰে সাজু হৈছে৷ বিগত শৃংখলাত আমি আশাপ্রদ ফল লাভ কৰা নাছিলোঁ৷ গতিকে এইবাৰ শৃংখলা দখল কৰাই আমাৰ প্রধান লক্ষ্য৷ শেহতীয়াকৈ কেইবাগৰাকী খেলুৱৈ আঘাতপ্রাপ্ত হোৱাটো আমাৰ বাবে দুর্ভাগ্যজনক৷ কিন্তু সকলো বাধা নেওচি আমি শৃংখলাত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সাজু হৈছোঁ৷’ নাথান লিয়নে এইদৰে কয়৷
উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি লিয়নে ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ধাৰাবাহিকভাৱে সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ বিৰুদ্ধে তেওঁ এতিয়ালৈকে সাতবাৰ পাঁচ বা ততোধিক উইকেট দখল কৰিছে৷ ৪০০ উইকেটৰ ক্লাবত প্রৱেশ কৰিবলৈ মাত্র ১০টা উইকেটৰ প্রয়োজন থকা লিয়নে আগন্তুক টেষ্ট শৃংখলাতে এই বিৰল কৃতিত্ব অর্জন কৰিবলৈ আগ্রহেৰে অপেক্ষা কৰিছে বুলিও আজি সদৰী কৰে৷