এইবাৰ ভাৰতক হৰুৱাব পাকিস্তানেঃ বাবৰৰ হুংকাৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: টি–২০ বিশ্বকাপত অহা দেওবাৰে ডুবাইত দুই চিৰবৈৰী ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া বহু প্রত্যাশিত মেচক লৈ ক্রিকেটপ্রেমীৰ মাজত উৎকণ্ঠা তুংগত উঠিছে৷ এনে সময়তে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে এইবাৰ ভাৰতক পৰাস্ত কৰাৰ হুংকাৰ দিছে৷
পাকিস্তানৰ সংবাদ মাধ্যমৰ আগত তাৰকাগৰাকীয়ে কয় যে অতীতৰ ব্যর্থতা পাহৰি দলটোৱে এইবাৰ ভাৰতৰ বিৰুদ্ধে সংঘবদ্ধভাৱে যুঁজ দিবলৈ সাজু হৈছে৷ এই মুহূর্তত দলৰ আত্মবিশ্বাস তুংগত আছে আৰু আমি টি–২০ বিশ্বকাপত উৎকৃষ্ট প্রদর্শন দাঙি ধৰিবলৈ প্রস্তুত হৈ আহিছোঁ৷
উল্লেখ্য যে টীম ইণ্ডিয়াই বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে পাকিস্তানৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই৷ পাকিস্তানে বিগত তিনি–চাৰি বছৰ ধৰি ইউ এ ইৰ মাটিত যথেষ্টসংখ্যক মেচ খেলি ইয়াৰ পৰিৱেশৰ সৈতে চিনাকি হৈ উঠিছে আৰু ইয়াৰ দ্বাৰা দলটো বিশ্বকাপত উপকৃত হ’ব বুলি অধিনায়ক বাবৰ আজমে উল্লেখ কৰে৷
‘ভাৰত–পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ মাজত উৎসাহৰ অন্ত নাই৷ খেলুৱৈসকলো যথেষ্ট চাপৰ মাজত থাকে, কিন্তু আমি ক্রিকেটৰ পথাৰত ভাৰতক আন প্রতিদ্বন্দ্বীৰ দৰেই ভাবি উন্নত প্রদর্শনৰ ওপৰত গুৰুত্ব দিব লাগিব৷ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ব্যর্থতাৰ ইতিহাস পাহৰি আমি এইবাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সাজু হৈছোঁ৷’– বাবৰে এইদৰে কয়৷