বিশ্বৰ বর্ষীয়ান প্রথম শ্রেণীৰ ক্রিকেটাৰ বসন্ত ৰাইজীৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰত তথা বিশ্বৰ বর্ষীয়ান প্রথম শ্রেণীৰ ক্রিকেটাৰ বসন্ত ৰাইজীয়ে৷
প্রাক্তন ক্রিকেটাৰগৰাকীৰ শুকুৰবাৰে নিশা ২.২০ বজাত দক্ষিণ মুম্বাইস্থিত ৱালকেশ্বৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত বসন্ত ৰাইজীৰ বয়স আছিল ১০০ বছৰ৷ বসন্ত ৰাইজীয়ে পত্নী আৰু দুগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়৷
বার্ধক্যজনিত কাৰণত মৃত্যু হোৱা প্রথম শ্রেণীৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে চলিত বর্ষৰ ২৬ জানুৱাৰীত শতবর্ষ গৰকিছিল৷
সোঁহতীয়া বেটছমেনগৰাকীয়ে ১৯৩৯–১৯৫০ চনলৈকে ৯খন প্রথম শ্রেণীৰ মেচ খেলিছিল৷ ১৯৩৯ চনত ক্রিকেট ক্লাব অৱ ইণ্ডিয়াৰ হৈ প্রথমখন মেচ খেলা বসন্ত ৰাইজীয়ে ১৯৪১ চনত বিজয় মার্চেণ্ট ট্রফীত মুম্বাইৰ হৈ প্রথমখন মেচ খেলিছিল৷
দেশৰ তথা বিশ্বৰ বর্ষীয়ান প্রথম শ্রেণীৰ ক্রিকেটাৰগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে ভাৰতৰ কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ লগতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷