নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত অন্তর্ভুক্ত ব্রেকডেন্সিং

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ  যুৱ দর্শকক আকর্ষিত কৰাৰ লক্ষ্যৰে পেৰিছ অলিম্পিক ২০২৪ত অন্তর্ভুক্ত কৰা হৈছে ব্রেকডেন্সিং৷ এই ব্রেকডেন্সিঙৰ উপৰি আন তিনিবিধ নতুন খেলসহ মুঠ চাৰিবিধ খেল পেৰিছ অলিম্পিকত অন্তর্ভুক্ত হ’ব৷ অৱশ্যে টকিঅ’ অলিম্পিকৰ তুলনাত পেৰিছ অলিম্পিকত মুঠ এথলিটৰ সংখ্যা হ্রাস পাব৷ টকিঅ’ত ১০,৫০০ এথলিটে অংশগ্রহণ কৰাৰ বিপৰীতে পেৰিছত এই সংখ্যা ৫০০ হ্রাস পাব৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে নতুনকৈ অন্তর্ভুক্ত কৰা খেল চাৰিবিধ হৈছে ব্রেকডেন্সিং, ছার্ফিং, স্কেটব’র্ডিং আৰু স্প’টছ ক্লাইম্বিং৷ আই অ’ চিৰ অধ্যক্ষ থমাছ বেছে এই কথা ঘোষণা কৰিছে৷

আই অ’ চিয়ে প্রকাশ কৰা মতে স্পনছৰ, ব্রডকাষ্টার্ছ আৰু যুৱ দর্শকক আকর্ষিত কৰাৰ লক্ষ্যৰেই গেমছত নতুনকৈ খেল অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে ১৯৭০ চনত আমেৰিকা যুক্তৰাষ্ট্রত ব্রেকডেন্সিং তথা ব্রেকিং উজ্জীৱিত হৈছিল৷ হিপ হপ সংস্কৃতিৰ অন্যতম প্রকাৰ এই ব্রেকডেন্সিং৷ সম্প্রতি এই ব্রেকডেন্সিঙে যুক্তৰাষ্ট্রৰ বাহিৰতো বিস্তাৰ লাভ কৰিছে৷ এই ক্রীড়াবিধত এক নিযুত অংশগ্রহণকাৰী জড়িত হৈ আছে৷

You might also like