নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাই ছুপাৰ কিংছক হৰুৱালে হায়দৰাবাদে

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক হৰুৱাই চলিত আই পি এলত দ্বিতীয় জয় সাব্যস্ত কৰিছে ছানৰাইজার্ছ হায়দৰাবাদে৷ ডুবাইত শুকুৰবাৰে অনুষ্ঠিত এখন মেচত ডেভিদ ৱার্নাৰ নেতৃত্বাধীন দলটোৱে সাত ৰানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ১৬৫ ৰানৰ লক্ষ্যৰ পিছ লৈ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৫৭ ৰানহে সংগ্রহ কৰে৷

দলটোৰ হৈ ৰবীন্দ্র জাদেজাই ৫০ আৰু অধিনায়ক ধোনীয়ে ৪৭ ৰানৰ যুঁজাৰু ইনিংছ খেলে৷ জাদেজাই ৩৫ বলত ৫টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰী কোবায়৷ একেদৰে ৩৬ বলৰ সন্মুখীন হৈ চাৰিটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে অপৰাজিত ইনিংছটো সজায়৷ ডু প্লেচিছে ২২, শ্বেন ৱাটছনে ১, অম্বাটি ৰাইডুৱে ৮ আৰু কেদাৰ যাদৱে তিনি ৰান কৰে৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লৈ ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত পাঁচ উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্রহ কৰে৷ প্রথমটো অভাৰতে দলটোৱে অ’পেনাৰ জ’নী বেয়াৰষ্ট’ৰ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হয় যদিও অধিনায়ক ডেভিদ ৱার্নাৰে মনীষ পাণ্ডেৰ সৈতে ইনিংছ গঢ়াৰ দায়িত্ব লয়৷ অৱশ্যে কোনো এগৰাকী বেটছমেনে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ ৱার্নাৰে ২৯ বলত ২৮ আৰু পাণ্ডেই ২১ বলত ২৯ ৰান সংগ্রহ কৰি আউট হয়৷ নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনো ৯ ৰানত দুর্ভাগ্যজনকভাৱে ৰান আউট হয়৷ ৬৯ ৰানৰ ভিতৰতে চাৰিটাকৈ মূল্যৱান উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হোৱা দলটোৰ হৈ ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হয় দুই যুৱ তাৰকা প্রিয়ম গার্গ আৰু অভিষেক শর্মা৷

প্রিয়মে ২৬ বলত ৬টা বাউণ্ডেৰী আৰু এটা ছিক্সাৰৰ সহায়ত অপৰাজিতভাৱে ৫১ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ একেদৰে অভিষেক শর্মাই ২৪ বলত চাৰিটা বাউণ্ডেৰী আৰু এটা ছিক্সাৰৰ সহায়ত ৩১ ৰানৰ অৱদান আগবঢ়ায়৷ তেওঁলোকে পঞ্চম উইকেটত মূল্যৱান ৭৭ ৰান যোগ দি ছানৰাইজার্ছ হায়দৰাবাদক সন্মানজনক স্থিতিত উপনীত কৰায়৷ চেন্নাই ছুপাৰ কিংছৰ হৈ মিডিয়াম পেচাৰ দীপক চহৰে দুটা, ছার্দুল ঠাকুৰ আৰু পীয়ূষ চাওলাই এটাকৈ উইকেট পায়৷

ইফালে, চি এছ কেৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে কালি আই পি এলৰ ইতিহাসত সর্বাধিক মেচ খেলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে৷ কালি খেলপথাৰত নমাৰ লগে লগে ধোনীয়ে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়৷ এইপর্যন্ত তেওঁ আই পি এলত ১৯৪খন মেচ খেলিছে৷ ধোনীয়ে সুৰেশ ৰাইনাৰ ১৯৩খন মেচৰ অভিলেখ অতিক্রম কৰি এই মাইলষ্ট’নত উপনীত হয়৷ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই ১৯২, কলকাতা নাইট ৰাইডার্ছৰ অধিনায়ক দীনেশ কার্তিকে ১৮৫ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিয়ে ১৮০খন মেচ খেলিছে৷

You might also like