নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱার্টাৰত উৰুগুৱে, পাৰাগুৱে

নিয়মীয়া বাৰ্তা ২৬ জুনঃ  উৰুগুৱে আৰু পাৰাগুৱেই কোপা আমেৰিকা কাপ ফুটবলৰ নকআউট ৰাউণ্ডলৈ উন্নীত হৈছে৷ আজি পুৱতিনিশা অনুষ্ঠিত গ্রুপ এৰ এখন গুৰুত্বপূর্ণ মেচত উৰুগুৱেই বলিভিয়াক ২–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ কোপা আমেৰিকাৰ অন্যতম সফল দল উৰুগুৱেক অৱশ্যে আজিও স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নগ’ল৷ প্রথম মেচত আর্জেণ্টিনাৰ হাতত পৰাজয় আৰু দ্বিতীয় মেচত চিলিৰ বিৰুদ্ধে ড্র খেলা দলটোৱে বলিভিয়াৰ গ’লৰক্ষক কার্লোচ লাম্পেৰ আত্মঘাতী গ’লৰ সহায়তহে প্রথমটো অগ্রগতি অর্জন কৰে৷ দ্বিতীয়ার্ধত তাৰকা ষ্ট্রাইকাৰ এডিনছন কাভানিয়ে এটা গ’ল কৰি উৰুগুৱেৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়৷ দেশৰ হৈ এয়া তেওঁৰ ৫২সংখ্যক আন্তঃৰাষ্ট্রীয় গ’ল৷ ৭৯ মিনিটত কাভানিয়ে দলৰ হৈ গ’ল কৰে৷ এই জয়েৰে দলটোৱে মুঠ ৪ পইণ্টেৰে গ্রুপ এৰ চতুর্থ স্থানপ্রাপ্ত দল হিচাপে কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷

ইফালে, আজি পুৱা অনুষ্ঠিত গ্রুপ এৰ এখন মেচত পাৰাগুৱেই চিলিক ২–০ গ’লত পৰাস্ত কৰি নকআউটৰ পথ মুকলি কৰে৷ পাৰাগুৱেৰ হৈ ৩৩ মিনিটত ব্রায়ান ছামুডি’ই প্রথমটো গ’ল কৰিবলৈ সক্ষম হয়৷ আক্রমণাত্মক খেলৰ বাবে বিশেষভাৱে পৰিচিত চিলিয়ে গ’লটো পৰিশোধ কৰিবলৈ আপ্রাণ চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখে৷ ইয়াৰ মাজতে ৫৮ মিনিটত মিগুৱেল আলমিৰনে পেনাল্টীৰ সহায়ত পাৰাগুৱেৰ হৈ আন এটা গ’ল কৰে৷ প্রতিযোগিতাখনত এয়া পাৰাগুৱেৰ দ্বিতীয় জয়৷ এই জয়েৰে দলটোৱে মুঠ ৬ পইণ্টেৰে গ্রুপ এৰ দ্বিতীয় স্থানপ্রাপ্ত দল হিচাপে কোৱার্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিছে৷ গ্রুপৰ আন কেইখনমান মেচত অহা দেওবাৰে নিশা ২.৩০ বজাত ব্রাজিলে ইকুৱেডৰ আৰু ভেনিজুৱেলাই পেৰুৰ বিৰুদ্ধে খেলিব৷ একেদৰে মঙলবাৰে পুৱা ৫.৩০ বজাত উৰুগুৱেই পাৰাগুৱে আৰু বলিভিয়াই আর্জেণ্টিনাৰ বিৰুদ্ধে খেলপথাৰত নামিব৷ ৩ আৰু ৪ জুলাইত কোৱার্টাৰ ফাইনেল, ৬, ৭ জুলাইত ছেমিফাইনেল আৰু ১১ জুলাইত ফাইনেল মেচ অনুষ্ঠিত হ’ব৷

You might also like