নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকৰ মাজতে ইংলেণ্ডত ৱেষ্ট ইণ্ডিজ দল

নিয়মীয়া বাৰ্তা ১০ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে মঙলবাৰে ইংলেণ্ডত উপস্থিত হ’ল জেছন হ’ল্ডাৰ নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো৷ বিগত মার্চ মাহৰ পৰা সমগ্র বিশ্বতে সম্পূর্ণৰূপে বন্ধ হৈ থকা ক্রিকেট প্রতিযোগিতাসমূহ পুনৰ আৰম্ভ হোৱাৰ উপক্রম ঘটিছে আৰু ক’ৰোনা আতংকৰ মাজতে ক্রিকেটত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বিদেশ ভ্রমণ কৰা ৱেষ্ট ইণ্ডিজেই হ’ল প্রথমটো দল৷ ৩৯জনীয়া ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটোৱে আজি মানচেষ্টাৰত উপস্থিত হয়৷ ঐতিহাসিক ইংলেণ্ড ভ্রমণকালত কেৰিবিয়ান বাহিনীয়ে ঘৰুৱা দলটোৰে তিনিখন টেষ্ট মেচত অংশগ্রহণ কৰিব৷ দুয়ো দেশৰ মাজৰ টেষ্ট শৃংখলাটো দর্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজ দলটোৰ আটাইকেইগৰাকী খেলুৱৈ আৰু ছাপ’ট ষ্টাফৰ ক’ভিড–১৯ পৰীক্ষা কৰোৱা হয় আৰু এই পৰীক্ষাত সকলোৰে নিগেটিভ ওলায়৷ কেৰিবিয়ান দলটোৱে সোমবাৰে দুখন চার্টার্ড বিমানেৰে ইংলেণ্ডলৈ ৰাওনা হয়৷ সাত সপ্তাহৰ ইংলেণ্ড ভ্রমণকালত ৱেষ্ট ইণ্ডিজ দলটোৰ খেলুৱৈসকল অ’ল্ড ট্রেফর্ডত ১৪ দিন পৃথকে পৃথকে থাকিব আৰু তাত তেওঁলোকৰ পুনৰ ক’ভিড–১৯ৰ পৰীক্ষা কৰোৱা হ’ব৷ ইংলেণ্ড ভ্রমণলৈ ৰাওনা হোৱা ৱেষ্ট ইণ্ডিজ দলটোত ১৪গৰাকী মুখ্য খেলুৱৈৰ লগতে আন ১১গৰাকী ৰিজার্ভ খেলুৱৈও আছে৷ দলটোৰ অনুশীলনৰ সময়ত সহায়ক হোৱাৰ বাবেই এই ১১গৰাকী ৰিজার্ভ খেলুৱৈক দলটোত অন্তর্ভুক্ত কৰা হয়৷ ইফালে, টেষ্ট শৃংখলাটোৰ সময়ছোৱাত কোনো খেলুৱৈ আঘাতপ্রাপ্ত হ’লে সেই স্থানো পূৰণ কৰিব ৰিজার্ভ খেলুৱৈৰে৷ ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজ দলটোৰ অধিনায়ক জেছন হ’ল্ডাৰে কয় যে তেওঁলোকৰ এই ভ্রমণটোৱে আন্তঃৰাষ্ট্রীয় ক্রিকেটত এক গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ কাৰণ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে দলটোৰ ইংলেণ্ড ভ্রমণে বাকী দলসমূহৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব৷ তিনিখনীয়া এই টেষ্ট শৃংখলাটোৰ জৰিয়তে বিশ্বত পুনৰ ক্রিকেটৰ বাতাৱৰণ ঘূৰি আহিব বুলি কেৰিবিয়ান দলটোৰ অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে দুয়ো দেশৰ মাজৰ তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৮ জুলাই পৰা আৰম্ভ হ’ব আৰু প্রথমখন টেষ্ট ছাউদাম্পটনত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় টেষ্টখন ক্রমে ১৬–২০ জুলাই আৰু ২৪–২৮ জুলাইত মানচেষ্টাৰত অনুষ্ঠিত হ’ব।

You might also like