উত্থান-পতনঃ ভাৰতৰ মহিলা বেডমিণ্টনক নতুন স্তৰলৈ নিয়া ছাইনা
বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ চৈয়দ মোদী, প্রকাশ পাডুকোন, পুল্লেলা গোপীচান্দ… ভাৰতত পুৰুষ বেডমিণ্টনত বহুতৰে নাম আছে। কিন্তু অপর্ণা পোপট বা মধুমিতা সিং বিস্তৰ বাদে মহিলা খেলুৱৈৰ তেনে উত্থান দেখা যোৱা নাই। যোৱা দশকৰ আৰম্ভণিৰ পৰা সেই ছবিখন সলনি হৈছে। ভাৰতৰ বেডমিণ্টনৰ পথাৰত নামে দুৰন্ত ছাইনা নেহৱাল। এজনৰ পাছত আনজন ডাঙৰ প্রতিযোগীক হৰুৱাই খুব কম সময়ত কেৰিয়াৰৰ ৰেখডাল উৰ্ধমুখী কৰি তোলে। পৰৱর্তী সময়ত পি ভি সিন্ধু আহে যদিও তাৰে আগলৈ পাঁচ-ছবছৰ অকলে ৰাজত্ব কৰে ছাইনাই। সেই সময়ত ধুমকেতুৰ গতিত উত্থান হয় তেওঁৰ।
মাকৰ আধৰুৱা স্বপ্ন পূৰণ কৰিবলৈ বেডমিণ্টনক বাছি লয়। পিতৃৰ চাকৰিৰ বদলিৰ পাছত হায়দৰাবাদলৈ আহি বেডমিণ্টন খেলাৰ স্বপ্ন আৰু বাঢ়ি যায়। ৮ বছৰ বয়সৰ পৰাই বেডমিণ্টন খেলা আৰম্ভ কৰে ছাইনাই। কম সময়তে বহু খ্যাতি অর্জন কৰিছে, অলেখ কীর্তি গঢ়িছে, ইতিহাসৰ পাতত সুকীয়াকৈ নিজৰ নাম লিখিছে, কিন্তু সাফল্যৰ সমান্তৰালকৈ দেখিছে ব্যর্থতাও।
২০০৬ চনত১৯-অনূর্ধ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ পৰাই আৰম্ভণি। সেই বৰ্ষতেই প্রথম ভাৰতীয় তথা তৰুণতম এছীয় হিচাপে ‘ফ’ৰ ষ্টাৰ’ প্রতিযোগিতা জিকে। একেই বছৰতে বিশ্ব চেম্পিয়নশ্বীপ আৰু এছিয়ান গেমছতো অংশ লৈছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষ বোৰতো এটাৰ পাছত আনটো অভিলেখ গঢ়ি গ’ল ছাইনাই। ২০১২ চনটো ভাৰতীয় বেডমিণ্টনৰ বাবে মনত ৰখাৰ চন। প্রথমগৰাকী ভাৰতীয় হিচাপে অলিম্পিকত পদক জিকিলে ছাইনাই, ব্রঞ্জৰ পদক। তেনেদৰে গৈ গৈ ছাইনাই ২০১৫ চনত ইণ্ডিয়া অ’পেন জিকি বিশ্বৰ এক নম্বৰ মহিলা বেডমিণ্টন খেলুৱৈ হৈ উঠে। ইয়াৰ আগতে কোনো ভাৰতীয় মহিলা খেলুৱৈয়ে এই নজিৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বীপ, এছীয় চেম্পিয়নশ্বীপ, এছিয়ান গেমছ তথা কমনৱেলথ গেমছত সোণৰ পদক জয়ী কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে নাম ৰচিছে ছাইনা নেহৱালে।
উত্থানৰ পাছত লাহে লাহে আহে বিফলতা। লাহে লাহে ব্যর্থতা আহিবলৈ ধৰে ছাইনাৰ জীৱনত। সম্প্ৰতি আঘাতৰ বাবে এখনৰ পাছত আনখন প্রতিযোগিতাত অংশ ল’ব পৰা নাই। ক’ভিড অতিমাৰিয়েও মানসিকভাবে প্রভাৱ পেলাইছে জীৱনত। ইয়াৰ মাজতে বিবাহ আৰু এতিয়া বিজেপিত যোগদান। অনুৰাগীৰ প্ৰশ্ন- ছাইনাক আৰু কোর্টত দেখা নাযাব নেকি?