নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ মাজতে ধোনীৰ পিতৃ-মাতৃ কৰোনাত সংক্ৰমিত

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পিতৃ-মাতৃ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ধোনীয়ে বৰ্তমান আই পি এলত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক হিচাপে খেলি আছে। মহেন্দ্ৰ সিং ধোনীৰ দেউতাক পান সিং আৰু তেওঁৰ মাতৃ দেৱিকা দেৱীক বুধবাৰে ৰাঁচী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

NBT ৰ মতে, চিকিৎসকসকলে জানিবলৈ দিয়ে যে ধোনীৰ পিতৃ-মাতৃৰ অৱস্থা স্বাভাৱিক। তেওঁলোকৰ অক্সিজেনৰ স্তৰ ঠিক আছে। পালচ চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ মতে, দুয়োজনৰ সংক্ৰমণ হাঁওফাঁওলৈ যোৱা নাই। চিকিৎসকসকল নিশ্চিত যে কেইদিনমানৰ ভিতৰতে ধোনীৰ পিতৃ-মাতৃ দুয়ো সুস্থ হ’ব আৰু সংক্ৰমণমুক্ত হ’ব।

 

You might also like