নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত ভাৰত ভ্রমণলৈ আহিব ইংলেণ্ড

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে সম্প্রতি দেশত কোনোধৰণৰ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা অনুষ্ঠিত হোৱা নাই যদিও আগন্তুক বর্ষৰ আৰম্ভণিতে দেশৰ ক্রিকেটপ্রেমীয়ে ঘৰৰ মাটিত আন্তঃৰাষ্ট্রীয় শৃংখলা উপভোগৰ সুযোগ পাব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে আজি ঘোষণা কৰা অনুসৰি আগন্তুক বর্ষৰ ফেব্রুৱাৰীত ভাৰত ভ্রমণলৈ আহিব ইংলেণ্ড ক্রিকেট দল৷

টীম ইণ্ডিয়াই অহা ডিচেম্বৰ–জানুৱাৰীত অষ্ট্রেলিয়াৰ মাটিত পূর্ণাংগ শৃংখলাত অংশ লৈ উভতি অহাৰ পিছতে স্বদেশত দলটো ইংলেণ্ডৰ মুখামুখি হ’ব৷ ইয়াৰ পিছতে খেলুৱৈসকল ব্যস্ত হৈ পৰিব ২০২১ৰ আই পি এলত৷ ‘ক’ভিড–১৯ৰ পৰিৱেশ কিছুদিনৰ ভিতৰত সুস্থিৰ হ’ব বুলি আমি আশা কৰিছোঁ৷ খেলুৱৈৰ বাবে নিৰাপদ পৰিৱেশ এটা সৃষ্টি হ’লেই আমি ঘৰুৱা প্রতিযোগিতাসমূহো আৰম্ভ কৰিম৷ একেদৰে টীম ইণ্ডিয়াই চলিত বর্ষৰ ডিচেম্বৰত অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷ ইয়াৰ পিছতে দলটোৱে দেশলৈ উভতি আহি ফেব্রুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলিব৷ দুটাকৈ গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় শৃংখলাত ভাগ লোৱাৰ পিছত খেলুৱৈসকলে মার্চ মাহতো বিশ্রামৰ সুযোগ পাব৷ ইয়াৰ পিছতে এপ্রিলৰ পৰা আৰম্ভ হ’ব ২০২১ৰ আই পি এল৷’ ব’ডৰ মুৰব্বী গাংগুলীয়ে এইদৰে কয়৷ ভাৰতে ২০২১ত আই চি চি টি–২০ বিশ্বকাপ আৰু ২০২৩ত এদিনীয়া বিশ্বকাপ আয়োজন কৰিব বুলিও ব’ডৰ মুৰব্বী তথা প্রাক্তন অধিনায়কগৰাকীয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে চলিত বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰা ভাৰতত কোনোধৰণৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ অনুষ্ঠিত হোৱা নাই৷ মার্চত ব’ডৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে প্রতিযোগিতাখন প্রায় চাৰি মাহ ধৰি স্থগিত ৰাখিবলগীয়া হয়৷ অৱশ্যে শেহতীয়াকৈ ব’র্ডে আই পি এল ভাৰতৰ পৰিৱর্তে ইউ এ ইত আয়োজনৰ সিদ্ধান্ত লৈছে৷

You might also like