নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে সমতা ইংলেণ্ডৰ, বিধ্বংসী বেন ষ্টোকছে দিলে ইংৰাজ বাহিনীক জয়ৰ সোৱাদ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দ্বিতীয় এদিনীয়াত সমতা স্থাপন কৰিবলৈ সক্ষম হ’ল ইংৰাজ বাহিনী। লোকেশ ৰাহুল (১০৮) , ঋষভ পণ্ট (৭৭), বিৰাটো কোহলী (৬৬)ৰ বিশেষ অৰিহণাৰ মাজেৰে ভাৰতে ৬ উইকেট হেৰুৱাই ৩৩৭ ৰানৰ লক্ষ্য বান্ধি দিছিল জোছ বাটলাৰ নেতৃত্বাধীন ইংলেণ্ড দলক।

কিন্তু জেচন ৰয়ৰ ৫৫, জনী বেয়াৰষ্টোৰ ১২৪ আৰু বেন ষ্টোকছৰ বিধ্বংসী ৯৯ ৰানৰ আগত এই স্কোৰ সামান্য বুলি প্ৰমাণ কৰিলে ইংলেণ্ডে। ৩৯টা বল বাকী থকা অৱস্থাতে ৪ উইকেটৰ বিনিময়ত ইংলেণ্ডে ভাৰতৰে সমতা স্থাপন কৰে।

খেলৰ মেন অৱ দ্য মেচ লাভ কৰে জনী বেয়াৰষ্টোৱে। ভাৰতৰ শিখৰ ধৱনে মাত্ৰ ৪ ৰান, ৰোহিত শৰ্মাই ২৫ ৰানৰ বৰঙণি আগবঢ়োৱাৰ লগতে হাৰ্দিক পাণ্ডিয়াই ৩৫ আৰু ক্ৰুনাল পাণ্ডিয়াই ১২ ৰান কৰি নট আউট হৈ থাকে। ভাৰতৰ হৈ উইকেট দখল কৰে ভুবনেশ্বৰ কুমাৰ (১) আৰু নৱাগত বলাৰ প্ৰসিদ্ধ কৃষ্ণাই (২)।

আনহাতে ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰ ০ ৰানত আউট হোৱাৰ বিপৰীতে ডাৱিড মালান (১৬) আৰু লিয়াম লিভিংষ্টোনে (২৭) খেলৰ পৰিসমাপ্তি ঘটায়। ইংলেণ্ডৰ নৱাগত বলাৰ ৰীচ টপলেই ২টা উইকেট দখল কৰাৰ লগতে টম কুৰানে ১টা আৰু ছেম কুৰানে ২টাকৈ উইকেট দখল কৰে।

অহা ২৮ মাৰ্চ দেওবাৰে দল দুটা শেষবাৰৰ বাবে মুখামুখি হ’ব মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত।

You might also like