নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ প্রস্তুতিলৈ লাভলীনাক ৫ লাখ টকাৰ চেক মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ অসমৰ প্রতিভাৱান আন্তঃৰাষ্ট্রীয় মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই, আগন্তুক টকিঅ’ অলিম্পিকত অংশগ্রহণৰ বাবে নির্বাচিত হৈছে৷ মন কৰিবলগীয়া যে অলিম্পিকত অংশগ্রহণৰ বাবে যোগ্যতা লাভ কৰা লাভলীনাই হ’ল অসমৰ প্রথমগৰাকী মহিলা খেলুৱৈ৷ বুধবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিশ্রুতিসম্পন্ন বক্সাৰগৰাকীক জনতা ভৱনৰ মুখ্যমন্ত্রীৰ কনফাৰেঞ্চ হলত সম্বর্ধনা জনায়৷

টকিঅ’ অলিম্পিকৰ বাবে নিজকে সাজু কৰি তুলিবলৈ অসমৰ সংহত ক্রীড়া নীতি (২০১৭–১৮)ৰ অধীনত মুখ্যমন্ত্রীয়ে পাঁচ লাখ টকাৰ এখন চেক আৰু ডুবাইত ২৪–৩১ মে’লৈ অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ব্রঞ্জৰ পদক জিনিবলৈ সক্ষম হোৱাৰ বাবেই উল্লেখিত ক্রীড়া নীতিৰেই অধীনত দুই লাখ টকাৰ চেক আর্থিক পুৰস্কাৰ হিচাপে আগবঢ়ায়৷

স্মর্তব্য যে লাভলীনাৰ অনুপস্থিতিত পিতৃ টিকেন বৰগোহাঁয়ে চেক দুখন মুখ্যমন্ত্রীৰ পৰা গ্রহণ কৰে৷ উক্ত সম্বর্ধনা অনুষ্ঠানত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ, অসমৰ মন্ত্রী বিমল বৰা, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, ৰাজ্যিক উপদেষ্টা সমিতি, ক্রীড়া আৰু যুৱ কল্যাণ অসমৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ অসমৰ আয়ুক্ত আৰু সচিব মলয় বৰা, সঞ্চালক পৱিত্রৰাম খাউণ্ড, যুটীয়া সচিব ৰণোজ বৰকটকীকে ধৰি বিভাগীয় অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত আছিল৷

You might also like