নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিত প্রৱেশ ৰাফেল নাডাল, পেট্রা কিট’ভাৰ

ফ্রেন্স অ’পেনঃ কোৱার্টাৰ ফাইনেলত ডমিনিক থিয়েমক হৰুৱালে শ্বৱার্জমানে

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  ক্লে ক’ট মাষ্টাৰ ৰাফেল নাডালে চলিত ফ্রেন্স অ’পেনৰ পুৰুষ ছিংগলছৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনাৰ আতংকৰ মাজতে পেৰিছত বিনা দর্শকৰ উপস্থিতিত পূর্ণগতিত চলি থকা গ্রেণ্ডশ্লামখনৰ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেল মেচ এখনত ডিফেণ্ডিং চেম্পিয়ন তথা দ্বিতীয় বাছনিৰ স্পেইনৰ ৰাফেল নাডালে ইটালীৰ প্রতিভাৱান খেলুৱৈ জানিক ছিনাৰক পৰাস্ত কৰি অন্তিম চাৰিত স্থান নিশ্চিত কৰে৷ ত্রয়োদশ সংখ্যক ফ্রেন্স অ’পেনৰ খিতাপ দখলৰ দিশে অগ্রসৰ হোৱা নাডালে ১৯ বছৰীয়া ছিনাৰক ৭–৬ (৪), ৬–৪, ৬–১ ছেটত পৰাস্ত কৰে৷ ছেমিফাইনেলত ৩৪ বছৰীয়া নাডালে আর্জেণ্টিনাৰ ডিয়েগো শ্বৱার্জমানৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ পুৰুষ ছিংগলছৰ আন এখন কোৱার্টাৰ ফাইনেল মেচত দ্বাদশ বাছনিপ্রাপ্ত শ্বৱার্জমানে ইউ এছ অ’পেন চেম্পিয়ন ডমিনিক থিয়েমক মাৰাথন যুঁজৰ অন্তত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷ মেচখনত আর্জেণ্টিনাৰ খেলুৱৈগৰাকীয়ে ৭–৬ (১), ৫–৭, ৬–৭ (৬), ৭–৬ (৫), ৬–২ ছেটত পৰাস্ত কৰে৷ ইফালে, সুদীর্ঘ ৮ বছৰৰ পিছত ৰোলা গাৰোৰ ছেমিফাইনেলত প্রৱেশ কৰিছে সপ্তম বাছনিপ্রাপ্ত চেক গণৰাজ্যৰ পেট্রা কিট’ভাই৷ কোৱার্টাৰ ফাইনেল মেচ এখনত কিট’ভাই জার্মানীৰ লউৰা ছিগমুণ্ডক পোনপটীয়াকৈ ৬–৩, ৬–৩ ছেটত পৰাস্ত কৰে৷ ছেমিত কিট’ভাই অষ্ট্রেলিয়ান অ’পেন চেম্পিয়ন চতুর্থ বাছনিপ্রাপ্ত ছ’ফিয়া কেনিনৰে মুখামুখি হ’ব৷ আন এখন কোৱার্টাৰত কেনিনে ডেনিয়েল কলিনছক ৬–৪, ৪–৬, ৬–০ ছেটত পৰাস্ত কৰে৷ ইফালে, পোলেণ্ডৰ ১৯ বছৰীয়া ইগা ছাইটেকেও গ্রেণ্ডশ্লামখনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ কোৱার্টাৰ ফাইনেল মেচখনত ইগাই মার্টিনা ট্রেভিচানক পোনপটীয়াকৈ ৬–৩, ৬–১ ছেটত পৰাস্ত কৰে৷ ছেমিত ইগাই প’ড’ৰস্কাৰে খেলিব৷

You might also like