নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আইএছএল

উদ্বোধনী মেচত কেৰালা ব্লাষ্টার্ছ–এ টি কে

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ সপ্তম সংস্কৰণৰ আই এছ এল অহা ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱে সমগ্র বিশ্বৰ লগতে দেশত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ প্রতিযোগিতাখন দেশৰ ভিন্ন প্রান্তত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে গোৱাৰ তিনিটা স্থানত খেলোৱা হ’ব৷ গোৱাৰ ফাটোৰডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, বাম্বোলিমৰ জি এম চি এথলেটিকছ ষ্টেডিয়াম আৰু ভাস্কোৰ তিলক মৈদান ষ্টেডিয়ামত আই এছ এলৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ জি এম চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০ নৱেম্বৰৰ উদ্বোধনী মেচত কেৰালা ব্লাষ্টার্ছ আৰু এ টি কে–মোহন বাগান এফ চি পৰস্পৰৰ মুখামুখি হ’ব৷ উল্লেখ্য যে দেশৰ ফুটবল ইতিহাসৰ অন্যতম সফল ক্লাব মোহন বাগানে এ টি কে দলৰ সৈতে সংযুক্ত হৈ প্রথমবাৰৰ বাবে আই এছ এলত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মোহন বাগানৰ চিৰ প্রতিদ্বন্দ্বী হিচাপে চিহ্ণিত ইষ্ট বেংগলেও এইবাৰৰ আই এছ এলত অন্তর্ভুক্ত হৈছে৷ প্রতিযোগিতাৰ লীগ পর্যায়ৰ মেচসমূহ নৱেম্বৰৰ পৰা ফেব্রুৱাৰীলৈ চলিব৷ নর্থ ইষ্ট ইউনাইটেডে ২১ নৱেম্বৰত মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে এইবাৰৰ আই এছ এলৰ প্রথমখন মেচ খেলিব৷

You might also like