নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডে ইতিহাস ৰচিব বুলি আশাবাদী গ্রেম শ্বোৱান

নিয়মীয়া বাৰ্তা, ৩০  জানুৱাৰীঃ ভাৰতৰ মাটিত ভাৰতক পৰাস্ত কৰাটো ইংলেণ্ডৰ বাবে এছেজ শৃংখলা জয়তকৈও বৃহৎ সাফল্য হ’ব৷ কিয়নো, ভাৰতৰ স্পীন সহায়ক উইকেটত টেষ্ট শৃংখলা জয় কৰাটো বিশ্বৰ যিকোনো দলৰ বাবে অত্যন্ত কঠিন আৰু প্রত্যাহ্বানজনক৷ ভাৰত আৰু ইংলেণ্ডৰ আগন্তুক টেষ্ট শৃংখলাক লৈ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ইংলেণ্ডৰ প্রাক্তন অফ স্পীনাৰ গ্রেম শ্বোৱানে৷

ইংলেণ্ডৰ হৈ ৬০খন টেষ্ট, ৭৯খন এদিনীয়া আৰু ৩৯খন টি–২০ মেচ খেলা একালৰ তাৰকা অফ স্পীনাৰগৰাকীয়ে  ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে এই মুহূর্তত ভাৰত আৰু ইংলেণ্ড উভয় দলে সুন্দৰ ফর্মত আছে৷ ভাৰতে অষ্ট্রেলিয়াক হৰুৱাই স্বদেশলৈ উভতি অহাৰ বিপৰীতে ইংলেণ্ডে শ্রীলংকাক পৰাস্ত কৰি ভাৰতলৈ আহিছে৷ এনে পৰিস্থিতিত আগন্তুক টেষ্ট শৃংখলা অত্যন্ত ৰোমাঞ্চকৰ হৈ উঠাটো নিশ্চিত৷

অৱশ্যে ভাৰতৰ মাটিত টেষ্ট শৃংখলা জয় কৰাটো ইংলেণ্ডৰ বাবে অগ্ণিপৰীক্ষাস্বৰূপ হ’ব৷ অসাধ্য যেন লগা এই সাফল্য ইংলেণ্ডৰ বাবে এছেজ শৃংখলা জয়তকৈও অধিক স্মৰণীয় হ’ব৷ ইফালে, শৃংখলাটোত অধিনায়ক জ’ ৰুটৰ ওপৰত আলহী দলটো অধিক নির্ভৰশীল হ’ব বুলিও গ্রেম শ্বোৱানে প্রকাশ কৰে৷ তেওঁ কয় যে জ’ ৰুটে দীঘলীয়া ইনিংছ খেলিব পাৰিলে ইংলেণ্ডে ভাৰতত টেষ্ট জয়ৰ সম্ভাৱনা সৃষ্টি হ’ব৷

টীম ইণ্ডিয়াৰ তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ বিৰুদ্ধে জ’ ৰুটকে ধৰি ইংলেণ্ডৰ বেটছমেনসকলে কি ধৰণৰ প্রদর্শন দাঙি ধৰে, সেয়া লক্ষণীয় হ’ব বুলিও ইংলেণ্ডৰ প্রাক্তন অফ স্পীনাৰগৰাকীয়ে উল্লেখ কৰে৷ খেলি থকা সময়ত ভাৰতৰ মাটিত বিশেষভাৱে সফলতা অর্জন কৰা গ্রেম শ্বোৱানে পুনৰ কয় যে ভাৰতে আগন্তুক টেষ্ট শৃংখলাটোত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হ’ব যদিও ইংলেণ্ডে অধিনায়ক জ’ ৰুটৰ বেটিঙৰ সহায়ত অতি কমেও এখন মেচত জয়ৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like