আন্তঃসংবাদ মাধ্যম টি–২০ ক্রিকেট প্রতিযোগিতাঃ গুৱাহাটী প্রেছ ক্লাব চেম্পিয়ন
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত জজ খেলপথাৰত অনুষ্ঠিত টপচেম–এএছজেএ আন্তঃসংবাদ মাধ্যম টি–২০ ক্রিকেট প্রতিযোগিতাত গুৱাহাটী প্রেছ ক্লাবে খিতাপ জয় কৰিছে৷ অনুষ্ঠিত ফাইনেলত দলটোৱে মিডিয়া মেনেজমেণ্টক ৩৬ ৰানত পৰাস্ত কৰে৷ গুৱাহাটী প্রেছ ক্লাবে মৃগাংক শর্মাৰ ৪৫, ৰঞ্জিত চাংমাইৰ ৩৪ আৰু ধীৰাজ হাজৰিকাৰ ৩১ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত সংগ্রহ কৰা ১৭১ ৰানৰ প্রত্যুত্তৰত মিডিয়া মেনেজমেণ্টে ১৩৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷
প্রতিযোগিতাখনৰ সামৰণী অনুষ্ঠানত প্রাক্তন ৰঞ্জি ক্রিকেটাৰ ৰাজেশ বৰা, জাভেদ জামান, শুভ্রজিৎ শইকীয়া, পৰাগ দাস, অসম ক্রীড়া প্রাধিকৰণৰ সঞ্চালকপ্রধান অনকাৰ কেডিয়া, প্রাক্তন প্রশাসনিক বিষয়া স্বপ্ণনীল বৰুৱা, প্রাক্তন উপ–ক্রীড়া সঞ্চালক প্রদীপ হাজৰিকা, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সম্পাদক সঞ্জয় ৰায়, ক্রীড়া সংগঠক বলেন্দ্র মোহন চক্রৱর্তী, কল্যাণ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷