টি–২০ বিশ্বকাপ সন্দর্ভত আজি চূড়ান্ত সিদ্ধান্ত ল’ব আইচিচিয়ে
নিয়মীয়া বাৰ্তা ১০ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে অষ্ট্রেলিয়াত অক্টোবৰ–নৱেম্বৰত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ প্রতিযোগিতাখন নির্ধাৰিত সূচীমতে আয়োজন হ’বনে নহয় তাক লৈ প্রশ্ণ উত্থাপন হৈছে যদিও টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত কাইলৈ চূড়ান্ত সিদ্ধান্ত হ’ব৷ টি–২০ বিশ্বকাপখন আয়োজনৰ লগতে অন্যান্য বিষয়ৰ সন্দর্ভত কাইলৈ বৈঠকত মিলিত হ’ব বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিআই৷ অষ্ট্রেলিয়াত হ’বলগীয়া বিশ্বকাপখনৰ সন্দর্ভত যোৱা মাহত আইচিচিয়ে ভিডিঅ কনফাৰেন্সৰ যোগেদি এক বৈঠকত মিলিত হৈছিল যদিও বৈঠকখনত চূড়ান্ত সিদ্ধান্ত নহ’ল৷ ইপিনে, টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত আইচিচিয়ে শীঘ্রে চূড়ান্ত সিদ্ধান্ত লোৱাটো বিচাৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ টি–২০ বিশ্বকাপখন আয়োজনক লৈ দোমোজা সৃষ্টি হোৱাত বিচিচিআয়ে ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজনক লৈও অনিশ্চয়তা পৰিছে৷ গতিকে টি–২০ বিশ্বকাপখন সন্দর্ভত আইচিচিয়ে শুনানি গ্রহণ কৰাৰ পাছত আইপিএল সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব পাৰিব বুলি আশাবাদী ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে আইপিএলখনক লৈও অনিশ্চয়তা আহি পৰিছে৷