নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–অষ্ট্রেলিয়া ‘এ’ৰ প্রস্তুতি মেচ ড্র

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ  ঘৰুৱা দল অষ্ট্রেলিয়াৰে খেলিবলগীয়া আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ পূর্বে অর্ধশতকীয় ইনিংছ খেলি নিজকে সম্পূর্ণৰূপে সাজু কৰি তুলিছে ভাৰতীয় দলটোৰ উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই৷ অষ্ট্রেলিয়া এ দলটোৰে খেলা তিনিদিনীয়া প্রস্তুতি মেচখন আজি ড্রৰে পৰিসমাপ্তি ঘটে যদিও দ্বিতীয় ইনিংছত অর্ধশতকীয় ইনিংছ খেলি ভাৰতীয় দলটোক মেচখনত পৰাজয়ৰ পৰা উদ্ধাৰ কৰাত গুৰুত্বপূর্ণ ভূমিকা লয় ঋদ্ধিমানে৷

ঋদ্ধিমানে ৫৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ উইকেটকীপাৰ বেটছমেনগৰাকীৰ বাহিৰে বাকীসকলে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ পৃথ্বি শ্বই ১৯, শুভমনে ২৯, বিহাৰীয়ে ২৮, ৰাহানে ২৮ আৰু পূজাৰাই কোনো ৰান নকৰাকৈ বিদায় লয়৷ প্রথম ইনিংছত ৫৯ ৰানত পিছ পৰা ভাৰতে আজি তৃতীয় তথা অন্তিম দিনা ৯ উইকেটত ১৮৯ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে আৰু ঘৰুৱা দলটোক জয়ৰ বাবে ১৩১ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ অষ্ট্রেলিয়া ‘এ’ই ১ উইকেটত ৫২ ৰান কৰাৰ সময়তে মেচখনৰ যৱনিকা পৰে৷ উল্লেখ্য যে ভাৰতে ৯ উইকেটত ২৪৭ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰাৰ প্রত্যুত্তৰত অষ্ট্রেলিয়া এ দলটোৱে ৯ উইকেটত ৩০৬ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰিছিল৷

You might also like