ভাৰতৰ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্ট খেলি থকাৰ সময়তে দলটোৰ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি সদৰী কৰা অনুসৰি শনিবাৰে সন্ধিয়া শাস্ত্রীৰ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল পজিটিভ আহিছে৷
তেওঁৰ লগতে দলটোৰ বলিং প্রশিক্ষক ভৰত অৰুণ, ফিল্ডিং প্রশিক্ষক আৰ শ্রীধৰ আৰু ফিজি’থেৰাপিষ্ট নীতিন পেটেলক সতর্কতামূলক ব্যৱস্থা হিচাপে আইছ’লেচনত ৰখা হৈছে৷
ইফালে, মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী ক’ভিড পজিটিভ হ’লেও ভাৰত–ইংলেণ্ডৰ চতুর্থ টেষ্টৰ চতুর্থ দিনৰ খেলত কোনো ব্যাঘাত জন্মা নাই৷ শনিবাৰে সন্ধিয়া আৰু দেওবাৰে পুৱা সম্পন্ন হোৱা ক’ভিড টেষ্টত ভাৰতীয় দলৰ সকলো খেলুৱৈৰ ফলাফল নিগেটিভ পোৱা যায়৷