নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা ভ্রমণলৈ সাজু ভাৰতৰ নৱাগত তাৰকা

নিয়মীয়া বাৰ্তা ২৬ জুনঃ আই পি এলত প্রতিভাৰ প্রমাণ দাঙি ধৰা ভাৰতৰ কেইবাগৰাকীও নৱাগত তাৰকা সমাগত শ্রীলংকা ভ্রমণৰ বাবে সাজু হৈছে৷ অহা ১৩ জুলাইৰ পৰা শ্রীলংকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচৰ শৃংখলাৰ প্রতি লক্ষ্য ৰাখি এইসকল খেলুৱৈ সম্প্রতি মুম্বাইত কোৱাৰেণ্টাইন হৈ আছে৷ তাৰকা অ’পেনাৰ শিখৰ ধাৱন নেতৃত্বাধীন দলটোৰ এই উদীয়মান খেলুৱৈসকল হ’ল– বাঁওহতীয়া বেগী বলাৰ চেতন চাকাৰিয়া, টপ অর্ডাৰ বেটছমেন নীতিশ ৰাণা, অ’পেনাৰ দেৱদত্ত পাড়িকাল, অলৰাউণ্ডাৰ কৃষ্ণাপ্পা গৌতম, অ’পেনাৰ ৰিতুৰাজ গাইকোৱাড, স্পীনাৰ বৰুণ চক্রৱর্তী আদি৷ প্রথমবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্রণ লাভ কৰা ২৩ বছৰীয়া চাকাৰিয়াই বি চি চি আই টিভিৰ সন্মুখত কয় যে ভাৰতীয় জার্ছি পৰিধান কৰি তেওঁ সুকীয়া আমেজ অনুভৱ কৰিছে৷ এতিয়া মাথোঁ খেলপথাৰত নামিবলৈ উদ্গ্রীৱ হৈ আছে বুলিও ৰাজস্থান ৰয়েলছৰ বেগী বলাৰগৰাকীয়ে উল্লেখ কৰে৷ ইফালে, আই পি এলত আৰ চি বিৰ হৈ চমকপ্রদ প্রদর্শনেৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰা বাঁওহতীয়া অ’পেনাৰ পাড়িকালে কয় যে কোৱাৰেণ্টাইনত থাকি আমনি লাগিছে যদিও ভাৰতীয় দলৰ হৈ খেলপথাৰত নমাৰ সপোনে তেওঁক বিভোৰ কৰি ৰাখিছে৷

You might also like