২০৩৬, ২০৪০ৰ অলিম্পিক আয়োজনৰ বাবে আগ্রহ ভাৰতৰ
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: ভাৰতে ২০৩৬ আৰু ২০৪০ চনত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিক আয়োজন কৰাৰ বাবে আগ্রহী৷ এই মন্তব্য কৰিছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বাচে৷ ভাৰতৰ লগতে ২০৩৬ আৰু ২০৪০ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে আন কেইবাখনো দেশ ইচ্ছুক বুলি আই অ’ চিৰ অধ্যক্ষগৰাকীয়ে লগতে মন্তব্য কৰে৷
ৱাল ষ্ট্রীট জার্নালৰে মঙলবাৰে হোৱা এক সাক্ষাৎকাৰত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বাচে কয় যে বিগত মাহত ২০৩২ চনৰ অলিম্পিক অষ্ট্রেলিয়াৰ ব্রীছবেনত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পিছত ২০৩৬, ২০৪০ আৰু ইয়াৰ পিছত হ’বলগীয়া অলিম্পিক আয়োজনৰ বাবে ভাৰত, ইণ্ডোনেছিয়া, জার্মানী, কাটাৰৰ লগতে আন কেইবাখনো দেশে আগ্রহ প্রকাশ কৰিছে৷
গতিকে দীর্ঘকালৰ বাবে আই অ’ চি ভাল অৱস্থাত আছে বুলি অধ্যক্ষগৰাকীয়ে লগতে কয়৷ ইফালে, ভাৰতীয় অলিম্পিক সংঘৰ মহাসচিব ৰাজীৱ মেহতাই সংবাদ প্রতিষ্ঠানৰে হোৱা বার্তালাপত কয় যে বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে ভাৰত সাজু আছে৷ টকিঅ’ অলিম্পিকৰ পূর্বে এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আই অ’ এৰ বৈঠকত ভাগ লৈ কয়, ভাৰতে ২০৩৬ আৰু ২০৪০ চনত হ’বলগীয়া অলিম্পিক আয়োজন কৰাৰ বাবে আগ্রহী৷ আনহাতে, চলিত বর্ষৰ মার্চ মাহত দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াই কৈছিল যে স্বাধীনতাৰ ১০০ বছৰীয়া বর্ষপূর্তি উপলক্ষে ২০৪৮ চনৰ অলিম্পিক আয়োজনৰ বাবে সকলো ধৰণৰ প্রয়াস কৰিব৷ মন কৰিবলগীয়া যে ভাৰতে ২০৩২ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছিল৷
ইয়াৰ উপৰি ২০৩০ চনৰ এছিয়ান গেমছ আৰু ২০২৬ চনৰ য়ুথ অলিম্পিক গেমছো আয়োজন কৰাৰ দাবী জনাইছিল যদিও আয়োজনৰ স্বত্ব লাভ কৰাত ব্যর্থ হৈছিল৷ ২০৩০ আৰু ২০৩৪ চনৰ এছিয়ান গেমছ ক্রমে কাটাৰ আৰু ৰিয়াধত অনুষ্ঠিত হ’ব৷