নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূর্ধ্ব এছিয়া কাপ ক্রিকেটঃ অষ্টমবাৰলৈ চেম্পিয়ন ভাৰত

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ১৯ বছৰ অনূর্ধ্ব এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত অভিলেখসংখ্যক অষ্টমবাৰলৈ খিতাপ জয় কৰিছে ভাৰতে৷ ডুবাইত শুকুৰবাৰে অনুষ্ঠিত ফাইনেলত য়াশ ধূল নেতৃত্বাধীন ভাৰতে শ্রীলংকাক ডি এল পদ্ধতিৰ সহায়ত ৯ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বৰষুণে বিঘিনি ঘটোৱা মেচখনত প্রথমে বেটিং কৰি শ্রীলংকাই বিপর্যয়ৰ সন্মুখীন হৈ ৩৮ অভাৰত ৯ উইকেটৰ বিনিময়ত ১০৬ ৰানহে সংগ্রহ কৰে৷ ভাৰতৰ হৈ বিকি অস্তৱালে ১১ ৰানত তিনিটা আৰু কুশল তাম্বেই ২৩ ৰানত দুটা উইকেট পায়৷ ৰবি কুমাৰ, ৰাজবর্ধন হাংগাৰকাৰ আৰু ৰাজাংগাড বাৱাই এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ প্রত্যুত্তৰত ভাৰতে অংকৃশ ৰঘুবংশীৰ অপৰাজিত ৫৬ আৰু শ্বাইক ৰছিদৰ অপৰাজিত ৩১ ৰানৰ সহায়ত সহজে জয়ৰ লক্ষ্যত উপনীত হয়৷

ভাৰতে ২১.৩ অভাৰত ১ উইকেটৰ বিনিময়ত ১০৪ ৰান সংগ্রহ কৰাৰ সময়তে বৰষুণে মেচত বিঘিনি ঘটায়৷ পৰৱর্তী সময়ত মেচখন পুনৰ আৰম্ভ কৰিব নোৱাৰাত আম্পায়াৰে ডি এল পদ্ধতি অনুসৰি ভাৰতক জয়ৰ বাবে ১০২ ৰানৰ নতুন লক্ষ্য নির্ধাৰণ কৰি দিয়ে৷ কিন্তু ভাৰতীয় দলটোৱে ইতিমধ্যে এই লক্ষ্য অতিক্রম কৰি চমকপ্রদ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ভাৰতে এই প্রতিযোগিতাখনত চিৰবৈৰী পাকিস্তানৰ হাতত একমাত্র পৰাজয়ৰ সন্মুখীন হৈছিল৷ অহা ১৪ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ পূর্বে লাভ কৰা এছিয়া কাপৰ সাফল্যই ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰিব৷

You might also like