নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালী, ফ্রান্সলৈ যাব ভাৰতীয় বক্সাৰ

অনুশীলন কৰাৰ লগতে অংশ ল’ব প্রতিযোগিতাত

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  অনুশীলন আৰু আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ইটালী আৰু ফ্রান্সলৈ ৰাওনা হ’ব ভাৰতীয় পুৰুষ আৰু মহিলা বক্সাৰ৷ ৫২ দিনৰ বাবে অহা সপ্তাহত ইউৰোপ ভ্রমণলৈ ৰাওনা হ’বলগীয়া ২৮জনীয়া দলটোত ১০গৰাকী পুৰুষ আৰু ছগৰাকী মহিলা বক্সাৰ আছে৷ ইটালী আৰু ফ্রান্সলৈ যাবলগীয়া ভাৰতীয় দলটোত আছে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অমিত পাংহাল, আশিস কুমাৰ, সতীশ কুমাৰ, চিমৰনজিৎ কৌৰ, লাভলীনা বৰগোহাঁই আৰু পূজা ৰাণী৷ দলটোৱে ১৫ অক্টোবৰৰ পৰা ৫ ডিচেম্বৰলৈ ইটালীত অনুশীলন কৰিব৷ এই অনুশীলনৰ সময়ছোৱাত বক্সাৰকেইগৰাকীয়ে ২৮–৩০ অক্টোবৰলৈকে ফ্রান্সৰ নানটেছত হ’বলগীয়া এক প্রতিযোগিতাতো ভাগ ল’ব৷ ইফালে, অসুস্থতাৰ বাবে মেৰীকমে উক্ত ভ্রমণৰ পৰা বিৰত থাকিব৷

You might also like