শ্বুটিং বিশ্বকাপত ৩০টা পদকেৰে ঐতিহাসিক সাফল্য ভাৰতৰ
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ আই এছ এছ এফ শ্বুটিং বিশ্বকাপত ভাৰতে ইতিহাসৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিছে৷ দেওবাৰে নতুন দিল্লীত সামৰণি পৰা প্রতিযোগিতাখনত আয়োজক দেশ ভাৰতে ১৫টা স্বর্ণসহ মুঠ ৩০টা পদকেৰে ঐতিহাসিক সাফল্য অর্জন কৰিবলৈ সক্ষম হয়৷
ভাৰতৰ পিছতে মার্কিন যুক্তৰাষ্ট্রই চাৰিটা স্বর্ণসহ মুঠ ৮টা পদকেৰে দ্বিতীয় স্থান অধিকাৰ কৰিছে৷ দেওবাৰে মহিলাৰ ট্রেপ টীম ইভেণ্টত ভাৰতলৈ সোণৰ পদক কঢ়িয়াই আনে শ্রেয়াসী সিং, মনীষা কীৰ আৰু ৰাজেশ্বৰী কুমাৰীয়ে৷
ভাৰতীয় যুটিটোৱে ফাইনেলত কাজাখস্তানক ৬–০ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইয়াৰ পিছতে পুৰুষৰ ট্রেপ ইভেণ্টত ভাৰতৰ পৃথ্বিৰাজ টণ্ডাইমন, লক্ষ্য চি’ৰণ আৰু কিনান চেনাইৰ যুটিয়ে ভাৰতলৈ দিনটোৰ দ্বিতীয়টো স্বর্ণপদক কঢ়িয়াই আনে৷ উল্লেখ্য যে ২০১৯ৰ ফেব্রুৱাৰীত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপতো ভাৰতে সর্বাধিক পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷