নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰক্তাক্ত ভৰিৰে খেলিলে ছুপাৰষ্টাৰ মেছিয়ে

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ কোপা আমেৰিকাত আর্জেণ্টিনাক পুনৰ এবাৰ সন্মুখৰ পৰা নেতৃত্ব দিলে অধিনায়ক লি’নেল মেছিয়ে৷ কলম্বিয়াৰ বিৰুদ্ধে বুধবাৰে পুৱা অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত তেওঁ গুৰুতৰ আঘাতৰ সন্মুখীন হৈও ৰক্তাক্ত ভৰিৰে শক্তিশালী ৰূপত খেলপথাৰত যুঁজ দি যায়৷ কলম্বিয়াৰ খেলুৱৈৰ সৈতে বল দখলৰ যুঁজত মেছিয়ে ভৰিৰ কলাফুলত আঘাতৰ সন্মুখীন হয় আৰু তেওঁৰ কলাফুলৰ পৰা তেজ নিগৰি থাকে৷ তথাপি তেওঁ খেলপথাৰৰ বাহিৰলৈ নগৈ আর্জেণ্টিনাক ছেমিফাইনেলত সন্মুখৰ পৰা নেতৃত্ব দি যায়৷

ছুপাৰষ্টাৰ মেছিক প্রতিৰোধ কৰিবলৈ কলম্বিয়াই তেওঁৰ ওপৰত উপর্যুপৰি আক্রমণ ৰচে আৰু ইয়াৰ বাবে কলম্বিয়াৰ খেলুৱৈয়ে ছখনকৈ হালধীয়া কার্ড লাভ কৰে৷ প্রতিদ্বন্দ্বীৰ সকলো প্রত্যাহ্বান ওফৰাই ইয়াৰ মাজতে আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে লাটাৰ’ মার্টিনেজক গ’ল কৰাত সুন্দৰভাৱে সহযোগিতা আগবঢ়ায়৷ ইফালে, পেনাল্টীৰ সহায়ত কলম্বিয়াক পৰাস্ত কৰি আর্জেণ্টিনাই কোপা আমেৰিকাৰ ফাইনেলত প্রৱেশ কৰাত মুখ্য ভূমিকা গ্রহণ কৰা গ’লৰক্ষক ইমিলিয়ানো মার্টিনেজক অধিনায়ক মেছিয়ে ভূয়সী প্রশংসা কৰিছে৷ শ্বাসৰুদ্ধকৰ জয়ৰ অন্তত তেওঁ কয় যে মার্টিনেজে অতি কমেও দুটা পেনাল্টী ছেভ কৰিব বুলি তেওঁ বিশ্বাসী আছিল৷ গোটেই প্রতিযোগিতাখনত মার্টিনেজে আর্জেণ্টিনাৰ হৈ দুর্দান্ত প্রদর্শন দাঙি ধৰিছে৷ তিনিটাকৈ পেনাল্টী শ্বট ছেভ কৰি তেওঁ নিশাটোৰ ভিতৰতে নায়কত পৰিণত হৈছে৷

You might also like