বক্সিং ডে’ টেষ্টত বিহাৰীৰ স্থানত সুযোগ পাব জাদেজাই
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ঐতিহাসিক বক্সিং ডে’ টেষ্টলৈ সম্পূর্ণৰূপে সুস্থ হৈ উঠিলে ৰবীন্দ্র জাদেজা হনুমা বিহাৰীৰ স্থানত খেলপথাৰত নামিব৷ টীম ইণ্ডিয়াই বেটিং শক্তি হ্রাস নকৰাকৈ পাঁচগৰাকী বলাৰক খেলোৱাৰ পৰিকল্পনা গ্রহণ কৰিছে বুলি উল্লেখ কৰি বি চি চি আইৰ এক সূত্রই আজি এই কথা উল্লেখ কৰে৷ ‘দ্বিতীয় টেষ্টলৈ জাদেজা সুস্থ হৈ উঠিলে তেওঁ বিহাৰীৰ সলনি মূল একাদশত স্থান পাব৷
অলৰাউণ্ড দক্ষতাৰ ভিত্তিত জাদেজাক দলে খেলাব বিচাৰিছে৷ তেওঁৰ উপস্থিতিয়ে বেটিঙৰ লগতে ভাৰতৰ বলিং বিভাগৰো ভাৰসাম্য আনিব৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ উল্লেখ্য যে জাদেজাই ৪৯খন টেষ্টত গড় ৩৫কৈ ১৮৬৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত এটা শতক আৰু ১৪টা অর্ধশতক আছে৷