গ্লেন মেকগ্রাথক চেৰ পেলালে জেমছ এণ্ডাৰছনে
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ টেষ্ট ক্রিকেটত ৩০বাৰকৈ পাঁচ বা ততোধিক উইকেট দখলেৰে অষ্ট্রেলিয়ান কিংবদন্তি গ্লেন মেকগ্রাথক অতিক্রম কৰিছে জেমছ এণ্ডাৰছনে৷ ইংলেণ্ডৰ তাৰকা বেগী বলাৰগৰাকীয়ে শ্রীলংকাৰ বিৰুদ্ধে চলি থকা দ্বিতীয় টেষ্টৰ কালি দ্বিতীয় দিনা এই মাইলষ্ট’নত উপনীত হয়৷
টেষ্টত সর্বাধিকসংখ্যক পাঁচ বা ততোধিক উইকেট দখল কৰা বলাৰৰ তালিকাত এণ্ডাৰছনে ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ শ্রীলংকাৰ কিংবদন্তি অফ স্পীনাৰ মুথিয়া মুৰুলীধৰণে টেষ্ট ক্রিকেটত সর্বাধিক ৬৭বাৰ পাঁচ বা ততোধিক উইকেট দখল কৰি এই তালিকাৰ শীর্ষত আছে৷
শ্বেন ৱার্নে ৩৭বাৰ, ৰিচার্ড হেডলীয়ে ৩৬বাৰ, অনিল কুম্বলেই ৩৫বাৰ আৰু ৰংগনা হেৰথে ৩৪বাৰ পাঁচ বা ততোধিক উইকেট দখল কৰিছে৷ উল্লেখ্য যে ২০০৭ত আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱাৰ পূর্বে অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ গ্লেন মেকগ্রাথে ২৯বাৰ এই কৃতিত্ব অর্জন কৰিছিল৷
ইফালে, ৩৮ বছৰ বয়সত এই কৃতিত্ব অর্জন কৰি এণ্ডাৰছনে এছিয়াৰ দ্বিতীয়গৰাকী বর্ষীয়ান খেলুৱৈ হিচাপে চিহ্ণিত হৈছে৷ শ্রীলংকাৰ বাঁওহতীয়া স্পীনাৰ ৰংগনা হেৰথে ইয়াৰ পূর্বে ৪০ বছৰ বয়সত টেষ্ট ক্রিকেটত পাঁচ বা ততোধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷